জুবিন অনুৰাগীৰ বাবে অতি সুখৰ, ভাল খবৰ!
জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ড নতুন ৰূপত জিলিকি উঠিব
চাইন অন ডেস্ক:
অতি সুখৰ,ভাল খবৰ!ৰাজ্যবাসী আৰু জুবিন অনুৰাগীসকলৰ বাবেই অতিকৈ ভাল খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়াৰ মাজতে আন এক ভাল খবৰ।ডিব্ৰুগড়ত গঠন হোৱা জুবিন গাৰ্গৰ প্ৰথমটো মিউজিক বেণ্ড এইবাৰ নতুন ৰূপত জিলিকি উঠিব।অহা

জুবিনৰ সোঁৱৰণত বেণ্ডটোৱে নতুনকৈ জেদ ডট অৰগ্ (Z.Org) নামেৰে আত্মপ্ৰকাশ কৰিব বুলিও জানিব পৰা গৈছে। জুবিনৰ পুৰনি বেণ্ডৰ মূল সদস্যসকলৰ ভিতৰত আছে চবীন কুমাৰ দাস (ৰাবু) – ড্ৰামছ, ডনি হাজৰিকা – কিবৰ্ড, ভাস্কৰ শইকীয়া (ৰিতু) – লিড গীটাৰ, আৰু দুদুল শইকীয়া – কিবৰ্ড। জুবিন গাৰ্গৰ প্ৰথম মেনেজাৰ জয়ন্ত বৰদলৈয়ে এই বেণ্ডটো পৰিচালনা কৰিব।
নতুন বেণ্ডটোৰ প্ৰাৰম্ভিক সৃষ্টিশীল কাম আৰু ফিড-মেকিং বৰ্তমান মুম্বাইত প্ৰস্তুত কৰি থকা হৈছে বুলিও প্ৰকাশ।
যিহেতু জুবিন গাৰ্গৰ প্ৰথমটো মিউজিক বেণ্ড ১৯৯২ চনত ডিব্ৰুগড়ত গঠন হৈছিল। সেই স্মৃতি ৰোমন্থন কৰি ডিব্ৰুগড়তেই পুনৰ জেদ ডট অৰগে আত্মপ্ৰকাশ কৰিব।
স্বাভাৱিকতেই এনে ধৰণৰ মৌলিক আৰু ইতিবাচক চিন্তাই জুবিনক জীয়াই ৰখাৰ উন্মেষ ঘটাব।

