...

গাজাত ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

Spread the love

 

 

গাজাত ইজৰাইলৰ আক্ৰমণত নিহত ৫ সাংবাদিক

অস্থায়ী শিবিৰত আইডিএফৰ মিছাইল নিক্ষেপ
হামাছৰে সম্পৰ্কৰ অভিযোগ

গাজা:

যুদ্ধবিধ্বস্ত গাজাত ইজৰাইলী সেনাৰ আক্ৰমণত পাঁচগৰাকী সাংবাদিক নিহত হয়। মৃত সাংবাদিক পাঁচগৰাকী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল জাজিৰাৰ কৰ্মচাৰী বুলি দাবী কৰা হৈছে। ইফালে ইজৰাইলী সেনাই

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও নিহতসকলৰ এজন হামাছৰ সদস্য বুলি দাবী কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কেবিনেটত গাজা দখল কৰাৰ পৰিকল্পনাত অনুমোদন জনোৱাৰ

পিছতে এই আক্রমণে বিশেষ তাৎপর্য বহন কৰিছে। ইয়াক লৈ গাজাৰ পৰিৱেশ সম্প্রতি অধিক উত্তপ্ত হৈ পৰিছে।আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি গাজা চহৰৰ আল-শিফা হাস্পতালৰ মূল প্ৰৱেশদ্বাৰত

সাংবাদিকৰ এটা অস্থায়ী শিবিৰ আছিল। এই শিবিৰতে ইজৰাইলী সেনাই আক্ৰমণ কৰিছিল

 

 

 

সেনাৰ আক্ৰমণত ৭জন লোকৰ মৃত্যু হয়। ইয়াৰে ৫জন আছিল আল জাজিৰাৰ সাংবাদিক। সাংবাদিককেইজন ক্রমে-আনাছ আল শ্বৰীফ, মহম্মদ কেৰিকে, ফটো সাংবাদিক ইব্রাহিম জাহিৰ,

মোমেন আলিৱা আৰু মহম্মদ নাউফল।

তাৎপর্যপূর্ণ এয়ে যে এই আক্ৰমণৰ পূৰ্বে সাংবাদিক আনাছ আল শ্বৰীফে এক্স হেন্ডেলত এটা ভিডিঅ’ প’ষ্ট দিছিল।

তেওঁ কৈছিল যদি মোৰ এই বাৰ্তা আপোনাৰ ওচৰত গৈ পায় তেন্তে জানি থওক ইজৰাইলে মোক হত্যা কৰি মোক মুখ বন্ধ কৰাত সফল হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *