লিডুৰ কয়লাখনি পৰিৰ্দশন মাৰ্ঘেৰিটাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
মাৰ্ঘেৰিটা:
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, লিডুৰ টিকক কলিয়ৰীত উপস্থিত হৈ মাৰ্ঘেৰিটাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনীয়তাৰ ওপৰত আলোচনা কৰে। উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধক দ্বয় ক্ৰমে কে
মেৰে আৰু এম পি দত্ত আদিৰ লগত আলোচনাত মিলিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত সংগ দিয়ে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি সহ বিষয় ববীয়া
সকলে।লিডুৰ টিকক কলিয়ৰীত উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াৰে আলোচনাৰ পাছত সাংবাদিকৰ সন্মুখত ই ডি ৰ প্ৰতিবেদনত নামোল্লিখিত কয়লা ব্যৱসায়ীক গ্ৰেপ্তাৰ নোহোৱাৰ কথা প্ৰকাশ কৰি তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁক সন্তষ্ট কৰিবলৈ কয়লা চিণ্ডিকেট চলি থকাৰ কথা উল্লেখ কৰে। অন্যহাতে সাংবাদিকে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ অনিশ্চিত ভৱিষ্যত , উৎপাদনহীনতা চালেকীৰ কয়লা ভিত্তিক তাপবিদ্যুত প্ৰকল্প আদি প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত ৰাইজৰ তথা ক’ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগিব বুলি উল্লেখ কৰে।তাৰ পাছত লিডু বৰগোলাই অঞ্চলৰ কেইজনমান ব্যক্তিৰ লগত আলোচনাত মিলিত হয়। বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আগমণে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত কি ভূমিকা ল’ব সেয়া সময়হে ক’ব।