এপিচিচিৰ মুৰব্বী হিচাপে আনুস্থানিক দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ
সাংসদগৰাকীয়ে কয় যে দলটোৱে সমতা আৰু সৰ্বাংগীনতাৰ মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ থাকিব
লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অহা বছৰৰ বিধানসভা নিৰ্বাচনত দলটোক নেতৃত্ব দিবলৈ সাজু হৈছে।তিনি বছৰতকৈও অধিক সময় ৰাজ্যৰ মূল বিৰোধী দলটোৰ নেতৃত্ব দিয়া বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই গুৱাহাটীস্থিত ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তেওঁক বাঘজৰী অৰ্পণ কৰে।
যোৰহাটৰ সাংসদগৰাকীয়ে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শোভাযাত্ৰা লৈ সোমবাৰে সন্ধিয়া মহানগৰীত উপস্থিত হয়। তিতাবৰ, যোৰহাট, নগাঁও, মৰিগাঁও, জাগীৰোডকে ধৰি বিভিন্ন স্থানত এই সমাৱেশৰ ষ্টপ অভাৰত দলীয় কৰ্মীসকলে গগৈক সম্বৰ্ধনা জনোৱাৰ লগতে সমৰ্থকসকলক সম্বোধন কৰে।