...

প্লাষ্টিকৰ পুতলা কাপোৰেৰে মেৰিয়াই অন্তিম সংস্কাৰ ?

Spread the love

প্লাষ্টিকৰ পুতলা কাপোৰেৰে মেৰিয়াই অন্তিম সংস্কাৰ ?

কিমান নৰাধম হব পাৰে বাৰু?

পঢ়ক এই প্ৰতিবেদন ….

চাইন অন ডেস্ক:

প্লাষ্টিকৰ পুতলা কাপোৰেৰে মেৰিয়াই অন্তিম সংস্কাৰ ?
কিমান নৰাধম হব পাৰে বাৰু? এয়াই আমাৰ স্বদেশ!কিমান নিচ!ভয়ংকৰ!
ঘটনাৰ সন্দৰ্ভত
দিল্লীৰ দুজন কাপোৰৰ দোকানীয়ে হাফুৰৰ গংগা ঘাটত এটা প্লাষ্টিকৰ পুতলা কাপোৰেৰে মেৰিয়াই অন্তিম সংস্কাৰ কৰিব লৈছিল।

ঘাটৰ স্মশান কৰ্মচাৰীৰ এনে কাণ্ডত সন্দেহ ওপজাত দুয়োজনক সোধা-পোচা কৰাত দুয়োজনে পলাবলৈ লয়।

তাৰ পাছত দুয়োজনকে ঘাটৰ কৰ্মচাৰীয়ে খেদি খেদি ধৰি আনি পুলিচক গতাই দিয়ে।

পুলিচৰ অনুসন্ধানত দুয়োজনে স্বীকাৰ কৰে যে তেওঁলোকৰ দোকানত কাম কৰা কৰ্মচাৰী এজনৰ নামত ৫০ লাখৰ বীমা কৰা আছিল। বীমাৰ ধন উলিয়াবলৈ এইদৰে পুতলাৰ দাহ-সংস্কাৰ কৰি স্মশানৰ পৰা ৰঁচিদ লৈ পাছত ৫০ লাখ বীমা কোম্পানীৰ পৰা উলিওৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *