জখলাবন্ধাৰ মাজেৰে ফ’ৰলেন ঘাইপথ লৈ যোৱাৰ দাবীত শুকুৰবাৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পাছত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শর্মা কলিয়াবৰৰ কুঁৱৰীটোল কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰে সৈতে আলোচনাত মিলিত হোৱাৰ পিছত এই আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়। প্ৰায় তিনি ঘণ্টাৰ অন্তত অহা ৩০ ডিচেম্বৰত আলোচনাত মিলিত হোৱাৰ আশ্বাস প্ৰদানৰ পিছত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে প্ৰতিবাদকাৰীয়ে। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে আমি সকলোৱেই মিলিজুলিয়েই কাম কৰি আহিছোঁ। আজি কিবা ভুল বুজাবুজিৰ বাবে আবেগত আঘাত লগাত পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰিল। কলিয়াবৰ সমজিলাৰ আয়ুক্ত আৰু চক্ৰ বিষয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ বাবে ব্যস্ত থাকিবলগা হোৱাত তেওঁলোক অহাত পলম হ’ল। প্ৰতিবাদকাৰীসকলৰ আবেগৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিছোঁ। অহা ৩০ ডিচেম্বৰত আমি আলোচনাৰ বাবে মাতিছোঁ। মোৰ প্ৰশাসনিক আওতাত যিখিনি কৰিব পাৰোঁ সকলোখিনি কৰিম আৰু উচিত মহললৈ সমগ্ৰ বিষয়টো লৈ যাম। আনহাতে,বিষয়টো মীমাংসা নহওঁতেই পথৰ বাবে নিৰ্বাচিত ভূমিৰ জৰীপ কাৰ্য চলি থকাৰ বাবে প্ৰতিবাদকাৰীসকল উত্তেজিত হোৱা বিষয়ত আয়ুক্ত গৰাকীয়ে কয় যে জৰীপ কাৰ্য কিয় হৈছে,সেই বিষয়টোও অহা ৩০ ডিচেম্বৰৰ আলোচনাত জনোৱা হ’ব। মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে তেওঁলোকে আলোচনাও কৰিছে। এই যিটো দাবী হঠাতে আশ্বাস দিব পৰা ধৰণৰ নহয়।আশ্বাস দিলেও কাৰ্যকৰী কৰাত অলপ সময় লাগে।প্ৰতিবাদকাৰীসকলৰ দাবীৰ ওপৰত চৰকাৰে নিশ্চয় উচিত ব্যৱস্থা ল’ব।
শৰ্মাই লগতে কয় যে আলোচনাৰ মাজেৰেই গোটেই কামখিনি আগুৱাই লৈ যাম। ৰাষ্ট্ৰীয় পথ যদি এনেদৰে অৱৰোধ কৰোঁ,সকলোৰে অসুবিধা হ’ব। ইফালে প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ আশ্বাস আৰু অনুৰোধমৰ্মে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে যদিও অহা ৩০ ডিচেম্বৰত যদি আলোচনা বিচৰা মতে নহয়,তেনেহ’লে তীব্ৰ আন্দোলন কৰিব বুলিও প্ৰশাসনক সকীয়াই দিয়ে। স্মৰ্তব্য যে ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা নগাঁৱৰ কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাৰ মাজেৰে ফ’ৰলেন ঘাইপথ লৈ যোৱাৰ দাবীত শুকুৰবাৰে কলিয়াবৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। চক্ৰ বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই কলিয়াবৰ ফ’ৰলেন দাবী সমিতিয়ে কৰে বৃহৎ প্ৰতিবাদ। মুখ্যমন্ত্ৰী গ’ বেক,মুখ্যমন্ত্ৰীৰ কাম নাই ধ্বনিৰে তীব্ৰ প্ৰতিবাদ কলিয়াবৰত। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ’বলগা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ বৃহত্তৰ এটা অংশ কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰাৰ প্ৰতিবাদত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদী জনতাই। কলিয়াবৰত প্ৰতিবাদৰ মাজতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হয় কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়। আৰক্ষীৰে হতাহতি,তীব্ৰ ঠেলা-হেঁচাৰ অন্তত প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই দিয়ে। চক্ৰ বিষয়া উপস্থিত নথকাত জাঙুৰ খাই উঠে প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীয়ে ক্ষোভেৰে কয় যে আজি ফ’ৰলেন দাবী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিও চক্ৰ বিষয়াগৰাকীয়ে দহ বাজি যোৱাৰ পাছতো কাৰ্যালয়ত উপস্থিত নহ’ল। কিয়নো আহিছে,সেই বিষয়ে জানিবলৈও ইচ্ছা নকৰিলে। অথচ আৰক্ষীয়ে প্ৰতিবাদকাৰী অহাৰ আগৰে পৰা টহল দি আছে। তদুপৰি মহিলা প্ৰতিবাদকাৰীৰ সংখ্যা অধিক হোৱাৰ পিছতো মহিলা আৰক্ষী মোতায়েন নকৰি প্ৰশাসনে একপ্ৰকাৰ ভেঙুচালি কৰিছে। প্ৰশাসনে যদি এনে আচৰণ কৰি থাকে ইয়াতকৈও পৰিৱেশ জটিল হ’ব । উল্লেখ্য যে কলিয়াবৰৰ জৈৱ্য-বৈচিত্ৰ্য বিনষ্ট কৰি কৃষিভূমিৰ মাজেদি জলাশয় আদি পুতি ফ’ৰলেন নিৰ্মাণ কৰাৰ প্ৰতিবাদত কলিয়াবৰ ফ’ৰলেন দাবী সমিতিয়ে সাব্যস্ত কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী।
কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন ৰাজহ গাঁৱৰ বাসিন্দাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে । কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে ১১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰে পথটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বাইপাছ কৰি ফ’ৰলেন নিৰ্মাণৰ কাম হাতত লোৱাত ধাৰাবাহিক সংগ্ৰাম অব্যাহত ৰাখিছিল ফ’ৰলেন দাবী সমিতিয়ে। কলিয়াবৰৰ পৰা জখলাবন্ধা হৈ নুমলীগড়ৰ বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো বহল আৰু সম্প্ৰসাৰণৰ জৰিয়তে ফ’ৰলেন নিৰ্মাণ কৰা হ’ব বুলি ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰে নিৰ্দেশনাও জাৰি কৰিছিল ।পৰবৰ্তী সময়ত বহুকেইখন ৰাজহ গাঁৱৰ লগতে কলিয়াবৰৰ প্ৰধান ব্যৱসায়িক চহৰ জখলাবন্ধাক এলাগী কৰি কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে বাইপাছ কৰি ফ’ৰলেন নিৰ্মাণৰ কাম হাতত লোৱাত কলিয়াবৰৰ ৬৫গৰাকী বিশিষ্ট নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৩৮/২০২৪ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বাইপাছ নিৰ্মাণৰ কাম সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াকৈ পুনৰ বাইপাছ নিৰ্মাণৰ জৰীপৰ কাম সংশ্লিষ্ট কৰ্তৃপক্ষই হাতত লোৱাত ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিছে ফ’ৰলেন দাবী সমিতি ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.