ডিব্ৰুগড়ত অপৰিৱৰ্তিত বান পৰিস্থিতি
মন্ত্ৰী প্ৰশান্ত ফুকনে বুজ ল’লে বান পৰিস্থিতি
আতংকিত নহ’বলৈ আহ্বান ডিব্ৰুগড়বাসীক
চাইন অন ডেস্কঃ
ডিব্ৰুগড়ত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। বিগত কেইবাদিন ধৰি ৰাজ্যত দি থকা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। বানৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ আছে ৪ জন লোক। ব্ৰহ্মপুত্ৰত এটি ৭ বছৰীয়া শিশু সন্ধানহীন হোৱাৰ খবৰ লাভ কৰিছে।
সমান্তৰালভাৱে সংহাৰী বানে উটুৱাই নিলে বহু নৈপৰীয়াৰ বাসগৃহ। পশুধনৰো ক্ষতিগ্ৰস্ত হৈছে জেঠমহীয়া প্ৰলয়ংকাৰী বানত। ডিব্ৰুগড় মহানগৰৰ সমীপৱৰ্তী উপকন্ঠ চানমাৰীঘাট, বগীবিল আইথান, টিংখাং ভঙাআলি, টিংখাং মাটিকটা আদি অঞ্চলৰ বহু নৈপৰীয়া বানৰ কৱলত পৰিছে। বানৰ সমান্তৰালভাৱে এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। টিংখাং মাটিকটা চাপৰিত আৱদ্ধ হৈ থকা শতাধিক পশুধন জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আজি পুৱাৰ ভাগত বগীবিল আইথানত ব্ৰহ্মপুত্ৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে। মন্ত্ৰী ফুকনে ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চল পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈ নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৰ্তমান বিপদ সীমাৰ ৪ চেন্টিমিটাৰ ওপৰত অৱস্থান কৰি থকাৰ কথা জানিবলৈ দিছে। নদী কাষৰীয়া অঞ্চলত থকা ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই মন্ত্ৰী ফুকনে কয়, কালি নিশা প্ৰায় ২ বজাৰ পৰাই ৰাইজৰ সুবিধাৰ্থে জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ লগতে পঞ্চায়ত সদস্যসকলে প্ৰয়োজনীয় সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। মই জলসম্পদ বিভাগৰ কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত বিতংকৈ আলোচনা কৰোঁ তথা বতৰৰ পৰিপ্ৰেক্ষিতত যদিও অনাগত দিনত কিবা বিপদাপন্ন পৰিস্থিতিৰ সম্ভাৱনা আহে তাৰ বাবে তেওঁলোকক ইয়াৰ প্ৰতিৰোধৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিওঁ। বৰ্তমানেও বিভাগীয় বিষয়ববীয়া সকলৰ নিৰ্দেশনাত ইয়াত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। কালিতকৈ বৰ্তমান পানীৰ পৰিমাণ কমিছে । মই সমূহ ডিব্ৰুগড়বাসী ৰাইজক সংকিত নহ’বলৈ আহবান জনাইছোঁ। মই ডিব্ৰুগড়বাসী ৰাইজক আশ্বাস দিব বিচাৰো যে আমি ইয়াৰ সমাধানৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিম।
অন্যহাতে ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৱদ্ধ হৈ থকা চাৰিজনক লোকক আজি উদ্ধাৰ কৰা হৈছে। ৰহমৰীয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ পলভঙা চাপৰিত থকা নিজৰ গৰুখুঁটিলৈ যোৱা ৪ জন লোক আজি পৰ্যন্ত আৱদ্ধ হৈ থাকিব লগা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ পানী হঠাৎ বাঢ়ি অহাত উভটি আহিব নোৱাৰিলে ভুটভুটি নাঁৱত সিপাৰলৈ যোৱা ব্যক্তি কেইজন। লোককেইজনক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰৰ প্ৰচেষ্টা চলাই ব্যৰ্থ হয়।
বৰলুইতৰ চাপৰিত আৱদ্ধ হৈ থকা ব্যক্তিকেইজন অজয় ওৰাং, প্ৰাঞ্জল ওৰাং, পিটিকৈ দাস আৰু ৰঞ্জিত কুৰ্মী বুলি জানিব পৰা গৈছে।
ইফালে ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছে ৭ বছৰীয়া এঠি শিশু। লাহোৱালৰ অকলেণ্ডৰ ১৭নং লাইনত সংঘটিত হৈছে এই ঘটনা। সন্ধানহীন ৭ বছৰীয়া তনুজ মুড়া নামৰ শিশুটি খেলিবলৈ যাওঁতেই ভৰি পিছল খাই ব্ৰহ্মপুত্ৰত পৰি যায়। বৰ্তমান শিশুটিক বিচাৰি এছ ডি আৰ এফ, এন ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে। ইফালে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়া আৰু লাইকাত বানক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰ-দুৱাৰ বানে বুৰাই পেলোৱাত নিৰাপদ দূৰত্বত আশ্ৰয় ল’বলগীয়া হৈছে বৰ্নাত্যসকল। কিন্তু এই পৰ্যন্ত প্ৰশাসনৰ তৰফল পৰা কোনোধৰণৰ উদ্ধাৰ অভিযানৰ বাবে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মস্থান বিন্ধাকটাতো বানে সংহাৰী ৰূপ লৈছে। বিন্ধাকটা গাঁৱৰ উপৰি মিৰিগাঁও, টেঙাবাৰী, গেৰেকী আদি নৈপৰীয়া অঞ্চল জলমগ্ন হৈ আছেনে। ইফালে গেৰেকী গাঁৱত পাঁচ টাকৈ বাসগৃহ ডিব্ৰু নৈৰ খহনীয়াত জাহ গৈছে।