...

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে

Spread the love

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে

চাৰিদুৱাৰ থানাত এজাহাৰ জুবিন অনুৰাগীৰ

 

বালিপৰাঃ

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰা,চাৰিদুৱাৰ অঞ্চলৰ জুবিন অনুৰাগীসকলে সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী
কৰি কালি সন্ধ্যা চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । জুবিন অনুৰাগীসকলে এজাহাৰখন চাৰিদুৱাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া সতীশ চাহুক এজাহাৰখন দাখিল কৰি অনতিপলমে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ বিৰুদ্ধে যাৱতীয় তদন্ত কৰি দোষীক শাস্তি দি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সকলোৱে দাবী জনায় । জুবিন অনুৰাগীসকলৰ হৈ এজাহাৰ দাখিলৰ সময়ত ভাস্কৰজ্যোতি শইকীয়া,হীৰেণ মেধি,অনুপম শইকীয়া,গৌতম দাসৰ লগতে ভালেমান ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *