...

প্ৰকাশ পালে ফিফা বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী

Spread the love

 

 

প্ৰকাশ পালে ফিফা বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী

 

আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ মেচ
মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ’ব উদ্বোধনী মেচ

ৱাশ্বিংটন :

অৱশেষত ফিফাই বিশ্বকাপ ফুটবলৰ সময়সূচী প্ৰকাশ কৰিলে । প্ৰথমবাৰৰ বাবে ৪৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া ফুটবলৰ মহাৰণৰ সময়সূচী প্ৰকাশৰ লগে লগে অনুৰাগীৰ মাজত ব্যাপক কৌতূহলে বিৰাজ কৰিছে । শনিবাৰে ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৱে আয়োজন কৰা ইভেণ্টত প্ৰকাশ পাইছে যে বর্তমানৰ চেম্পিয়ন লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই ১৬ জুনত কানছাছ চিটিত ‘গ্ৰুপ জে’ত আলজেৰিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । তাৰ পিছত ডালাছত অষ্ট্ৰিয়া আৰু জৰ্ডানৰ বিৰুদ্ধে খেলিব ।

ইউৰোপীয় চেম্পিয়ন স্পেইনে ‘গ্ৰুপ এইছ’ত প্ৰথম দুখন খেল খেলিব কেপ ভাৰ্ডে আৰু চৌদি আৰৱৰ বিৰুদ্ধে । শীততাপ নিয়ন্ত্ৰিত আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ । ইয়াৰ পিছত তেওঁলোকে মেক্সিকোলৈ ৰাওনা হ’ব আৰু গুৱাডালাজাৰাত উৰুগুৱেৰ বিৰুদ্ধে খেলিব ।

ইংলেণ্ডে ১৭ জুনত ডালাছ ষ্টেডিয়ামত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । তাৰ পাছত ‘গ্ৰুপ এল’ৰ বাকী থকা খেলসমূহৰ বাবে উত্তৰ-পূব আমেৰিকালৈ ৰাওনা হ’ব । ১৯৬৬ চনৰ বিজয়ী দলটোৱে ২৩ জুনত বষ্টনত ঘানাৰ বিৰুদ্ধে খেলিব আৰু তাৰ পিছত ২৭ জুনত নিউয়ৰ্ক চহৰৰ সমীপৰ মেটলাইফ ষ্টেডিয়ামত পানামাৰ বিৰুদ্ধে খেলিব ।

২০১৮ চনত বিজয়ী আৰু ২০২২ চনত ৰাণাৰ্ছ আপ ফ্ৰান্সে উত্তৰ-পূব আমেৰিকাত ‘গ্ৰুপ আই’ৰ তিনিওখন মেচ খেলিব । মেটলাইফ ষ্টেডিয়ামত চেনেগালৰ বিৰুদ্ধে আৰু বষ্টনত নৰৱেৰ বিৰুদ্ধে খেলিব ।

ইফালে ১৯৯৪ চনত আমেৰিকাত অনুষ্ঠিত হোৱা অন্তিমখন বিশ্বকাপত জয়ী হোৱা ব্ৰাজিলে ১৩ জুনত ‘গ্ৰুপ চি’ৰ প্ৰথমখন খেলত মেটলাইফ ষ্টেডিয়ামত মৰক্কোৰ বিৰুদ্ধে খেলিব । তাৰ পিছত কাৰ্লো এন্সেল’টিৰ দলটোৱে ১৯ জুনত ফিলাডেলফিয়াত হাইটিৰ বিৰুদ্ধে খেলিব আৰু তাৰ পিছত ২৪ জুনত মিয়ামীত স্কটলেণ্ডৰ সৈতে সংঘৰ্ষত মিলিত হ’ব ।

প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ ৰেংকিঙৰ ৪ খন দেশক পৃথক কৰি ৰখাটো নিশ্চিত কৰা হৈছে । যাৰ বাবে স্পেইন, আৰ্জেণ্টিনা, ফ্ৰান্স আৰু ইংলেণ্ডে ছেমি ফাইনেলৰ পূৰ্বে মুখামুখি হ’ব নোৱাৰে, যদিহে সকলোৱে নিজৰ গ্ৰুপত শীৰ্ষস্থান দখল কৰে ।

এতিয়া গ্ৰুপ পৰ্যায়ৰ পিছত অতিৰিক্ত নকআউট ৰাউণ্ডৰ বাবে সেই পৰ্যায়লৈ যোৱাৰ পথ সহজ নহ’ব । যদিহে শীৰ্ষ স্থানৰ দলসমূহে নিজৰ গ্ৰুপত জয়ী হয়, তেন্তে ইংলেণ্ডে মেক্সিকো চিটিত সহ-আয়োজক মেক্সিকোৰ বিৰুদ্ধে লাষ্ট ১৬ত আৰু তাৰ পিছত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ছেমি খেলৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে খেলিব পাৰে ।

আন আন সম্ভাৱ্য মেচ আপৰ ভিতৰত ফ্ৰান্স আৰু জাৰ্মানীয়ে লাষ্ট ১৬ৰ সংঘৰ্ষৰ পথত থকা আৰু কোৱাৰ্টাৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালৰ মাজত সম্ভাৱ্য মুখামুখি হোৱাৰ সম্ভাৱনা আছে ।

১১ জুনৰ পৰা ১৯ জুলাইলৈকে সমগ্ৰ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এইবাৰ ১৬ টা নতুন দল সংযোজন হ’ব । আমেৰিকাত বেছিভাগ খেল অনুষ্ঠিত হ’ব, য’ত মেটলাইফ ষ্টেডিয়ামত ফাইনেল অনুষ্ঠিত হ’ব । উদ্বোধনী খেলখনত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ।

ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত আয়োজক দেশসমূহৰ মাজত অশান্তিকৰ সম্পৰ্ক দেখা গৈছে যদিও শুকুৰবাৰে তেওঁ সেই সম্পৰ্ক সুস্থিৰ কৰাৰ প্ৰয়াস কৰে । ইনফাণ্টিনোৰ পৰা প্ৰথমটো ফিফাৰ শান্তি বঁটা লাভ কৰাৰ পিছত মঞ্চত ট্ৰাম্পে কয়, “আমি সেই দুখন দেশৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছো আৰু সমন্বয়, বন্ধুত্ব আৰু সম্পৰ্ক অসাধাৰণ ।”

ইফালে ‘গ্ৰুপ ই’ত জাৰ্মানীৰ প্ৰতিদ্বন্দ্বী হ’ব আইভৰি কোষ্ট, ইকুৱেডৰ আৰু কেৰিবিয়ানৰ মিন’ছ কুৰাকাও । তেওঁলোকে হিউষ্টনত প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব । আনহাতে পৰ্তুগালে উজবেকিস্তান, কলম্বিয়া আৰু প্লে অফ বিজয়ীৰ বিৰুদ্ধে খেলিব । আমেৰিকাই আয়োজক হিচাপে অন্তৰ্ভুক্ত হৈছে । যি ‘গ্ৰুপ ডি’ত পেৰাগুৱে, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় প্লে অফ বিজয়ীৰ সৈতে থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *