...

ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈক গুলীয়াই হত্যা পিতৃৰ

Spread the love

ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈক গুলীয়াই হত্যা পিতৃৰ

ৰিল বনোৱাৰ বাবেই হত্যাকাণ্ড ?

 

গুৰগ্রাম:

গুৰগ্রামত ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ ২৫ বছৰীয়া ৰাধিকা যাদৱক নিজৰ পিতৃয়ে বাসগৃহত গুলীয়াই হত্যা কৰাক লৈ চাঞ্চল্যব সৃষ্টি হৈছে। গুৰুগ্রামৰ ছেক্টৰ ৫৭ত অৱস্থিত বাসগৃহৰ প্রথম মহলাত কালি পুৱা প্রায় ১০.৩০ বজাত ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে পিতৃয়ে।
প্ৰাৰম্ভিক তথ্য মতে, কন্যা ৰাধিকা যাদৱক পিতৃয়ে একেৰাহে তিনিটা গুলী মাৰে। গুলীবিদ্ধ খেলুৱৈ কন্যাগৰাকীক লগে লগে সংকটজনক অৱস্থাত ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে চিকিৎসা চলাই থকা অৱস্থাতেই মৃত্যু হয়।
থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে তেওঁলোকে ২৫ বছৰীয়া মহিলা এগৰাকী মৃত্যু হোৱা বুলি খবৰ লাভ কৰে। গুলীৰ আঘাতত মৃত্যু হোৱা বুলি মহিলাগৰাকীৰ খুৰাকক হাস্পতালত লগ পায় যদিও তেওঁ এই ঘটনা সন্দৰ্ভত একো কোৱা নাছিল। পিছলৈ আৰক্ষী ঘটনাস্থলীলৈ গৈ মহিলাগৰাকীৰ পিতৃয়েই গুলীওৱা বুলি জানিব পাৰে।
কন্যাক গুলীওৱা পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰিভলভাৰটো জব্দ কৰিছে। উল্লেখ্য যে ৰাধিকা যাদৱ ৰাজ্যিক টেনিছ পৰ্যায়ৰ পৰিচিত নাম। তেওঁ কেইবাটাও পদক লাভ কৰিছে। এগৰাকী লন টেনিছ খেলুৱৈ হোৱাৰ উপৰি ৰাধিকা যাদবে এখন টেনিছ একাডেমী চলাই থাকি আন খেলুৱৈক প্রশিক্ষণ দিছিল।
আৰক্ষীয়ে কন্যাক হত্যা কৰা পিতৃক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰি আছে। একাংশই দাবী কৰা মতে ৰাধিকাই চচিয়েল মিডিয়াত ৰিল বনোৱাত, পিতৃৰ আপত্তি আছিল। যাৰ বাবেই এনে কৰুণ পৰিণতি।অবশ্যে এতিয়াও হত্যাৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰাধিকা যাদৱে গুৰুগ্ৰামৰ বাসগৃহত সগৃহত পিতৃৰ সৈতে একেলগে বসবাস কৰিছিল।
টেনিছ খেলুৱৈগৰাকীৰ পিতৃৰ হাতত নিহত হোৱা খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদুপৰি অঞ্চলটোৰ জনপ্রিয় টেনিছ খেলুৱৈগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত সত্য উদঘাটন হব।

Leave a Reply

Your email address will not be published. Required fields are marked *