Skip to content ভুৱা ভাৰতীয় পাছপ’ৰ্ট !
ম্যানমাৰৰ নাগৰিকক বিমানবন্দৰত গ্ৰেপ্তাৰ
মুম্বাইঃ
তিনিবছৰ পূৰ্বে দেশৰ পৰা পলায়ন কৰি ভাৰতত প্ৰৱেশ কৰা আৰু পৰৱৰ্তী সময়ত আধাৰ, পেন আৰু ভোটাৰ আইডি কাৰ্ডৰ লগতে আন এটা নামেৰে ভাৰতীয় পাছপ’ৰ্ট লাভ কৰা ম্যানমাৰৰ এজন নাগৰিকক কুৱালালামপুৰলৈ বিমানত উঠিবলৈ যোৱা ২২ জুনত বিমানবন্দৰত ধৰা পৰে। পাছপ’ৰ্টত তেওঁ দিল্লীৰ বাসিন্দা বুলি প্ৰকাশ পোৱাৰ বিপৰীতে হিন্দী ভাষাত কথা ক’ব নোৱাৰাৰ বাবে সন্দেহৰ আৱৰ্তত সোমাই পৰে তেওঁ।
উ থাং ছ’ লিয়ান বাৱী নামৰ সন্দেহজনক লোকজনক, আৰক্ষীক গতাই দিয়াৰ পাছতে পাছপ’ৰ্ট জালিয়াতিৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।অভিযোগ অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লীত ভাৰতীয় পাছপ’ৰ্ট লাভ কৰিবলৈ বাৱীয়ে জাল আধাৰ, পেন আৰু ভোটাৰ আইডি কাৰ্ড ব্যৱহাৰ কৰিছিল।
জেৰাৰ সময়ত বাৱীয়ে কয় যে ম্যানমাৰ চৰকাৰ আৰু ইয়াৰ সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ২০২২ চনত দেশ এৰি পলায়ন কৰি মিজোৰামত উপস্থিত হয়। “মিজোৰামত থকাৰ সময়ত তেওঁ সঘনাই কামৰ বাবে দিল্লীলৈ গৈছিল। প্ৰথমে তেওঁ প্ৰৱঞ্চনামূলক নথি-পত্ৰৰে চিম লাভ কৰিবলৈ সক্ষম হৈছিল। মোবাইল নম্বৰৰ সহায়ত তেওঁ আধাৰ, পেন আৰু নিৰ্বাচনী কাৰ্ড লাভ কৰিছিল।”