...

নেপালত ফেচবুক-ইনষ্টাগ্রাম-হোৱাটছএপ-ইউটিউব-স্নেপশ্বট নিষিদ্ধ

Spread the love

নেপালত ফেচবুক-ইনষ্টাগ্রাম-হোৱাটছএপ-ইউটিউব-স্নেপশ্বট নিষিদ্ধ

Gen Zৰ বিক্ষোভত বিস্ফোৰক নেপাল-পুলিচৰ গুলীত নিহত ২১ প্রতিবাদী

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ লোক

প্ৰতিবাদকাৰীৰ বেহু ভেদি সংসদ ভৱনত প্ৰৱেশ

উত্তপ্ত পৰিস্থিতি:পানীহিলৈ-কন্দুৱা গেছ নিক্ষেপ

 

চাইন অন ডেস্ক:

জেন জেড বিদ্রোহত জ্বলিছে নেপাল। তৰুণ প্ৰজন্মৰ প্ৰতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু। কে পি অলি শৰ্মা নেতৃত্বাধীন চৰকাৰে সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ নেপালৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক-যুৱতী। তৰুণ প্ৰজন্মৰ বিক্ষোভ হিংসাত্মক পৰিস্থিতিলৈ
পর্যবসিত হৈছে।

 

প্রতিবাদী যুৱক-যুৱতীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে পানীহিলৈ, কন্দুৱা গেছ, অবশেষত । গুলীচালনা কৰাত ২১ প্রতিবাদীৰ মৃত্যু ঘটিছে। বিক্ষোভকাৰী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত অতি কমেও ২৫০০২ আহত হৈছে। নেপাল চৰকাৰে সামাজিক মাধ্যম বিশেষকৈ ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ, ইউ টিউব আৰু স্নেপশ্বট নিষিদ্ধকৰণক লৈ কে পি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰে তৰুণ প্রজন্মাই। চৰকাৰৰ – সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ যুৱক-যুৱতীৰ প্ৰতিবাদে সংৰক্ষিত অঞ্চলৰ বেহু ভেদি সংসদ ভৱন চৌহদত প্ৰৱেশ কৰিবলৈ বিচাৰোঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

 

প্রতিবাদকাৰীক সংসদ ভবনতি – চৌহদৰ ভিতৰত প্ৰৱেশত বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে বিশেষকৈ আৰক্ষীয়ে পানীহিলৈ, লাঠীচালনা,কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ পাছতো প্রতিবাদকাৰীয়ে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যাবলৈ – বিচাৰোঁতে আৰক্ষীৰ সৈতে হতাহতি হয়।আৰক্ষীৰ সৈতে সংঘৰ্ষৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰে। এই গুলীচালনাত ২১ প্রতিবাদী নিহত হৈছে।

 

প্ৰতিবাদকাৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই সমগ্র নেপালখনতেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজধানী কাঠমাণ্ডুত দেখামাত্রকে গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে। সান্ধ্য আইন জাৰি কৰি কাঠমাণ্ডুত সেনা মোতায়েন কৰা হৈছে। বিক্ষোভকাৰীয়ে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। প্রতিবাদ শাম কটাবলৈ ইতিমধ্যে গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰিছে। বিক্ষোভৰ সময়ত ২১জনে প্রাণ হেৰুওৱাৰ দায়িত্ব লৈ গৃহমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে। মন কৰিবলগীয়া যে প্রধানমন্ত্রী কে পি শর্মা অলি চৰকাৰৰ দুর্নীতিকে ধৰি বহু অভিযোগক লৈ ক্ষুণ্ণ হৈ থকাৰ পাছত চৰকাৰখনে ফেচবুককে ধৰি সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ লোৱা সিদ্ধান্তই দেশখনৰ তৰুণ প্ৰজন্মক ক্ষোভিত কৰি তোলে। পৰিণতিত কে পি অলি শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিক্ষোভত নামি পৰে তৰুণ প্রজন্ম।

 

ৰাজধানী কাঠমাণ্ডুৰ পৰা এই প্রতিবাদ সম্প্ৰসাৰিত হৈ বীৰগঞ্জ, ভৈৰহাৱা, বুটওৱাল, ইটাহাৰি আৰু ডামকেটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত প্রশাসনে সান্ধ্য আইন জাৰি কৰিছে। পৰীক্ষা স্থগিত ৰখা হৈছে। ৰাজনৈতিক দলৰ কাৰ্যালয়সমূহত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে।-নেপালৰ উত্তপ্ত পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘই উদ্বিগ্নতা প্ৰকাশ কৰি সৰ্বদলীয় বৈঠক পাতি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। শেহতীয়া তথ্য মতে প্রধানমন্ত্ৰীৰ বাসভৱনতো আক্রমণ চলাইছে প্রতিবাদকাৰীয়ে। প্রতিবাদকাৰীয়ে সমৱেত হৈ বিক্ষোভ প্রদর্শনেৰে প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ শিলগুটি, নিক্ষেপ কৰিছে। পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বেই অঞ্চলটোত সেনা মোতায়েন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *