ডিব্ৰুগড়ক চিৰসেউজ কৰাৰ প্ৰচেষ্টা
ৰাধেশ্যাম গোৱেংকাৰ পৰলোক
সুমন দত্ত
ডিব্ৰুগড়ত গছ পুলি ৰোপণ কৰি সেউজীকৰণ কৰাৰ প্ৰচেষ্টা যিগৰাকী ব্যক্তিয়ে আৰম্ভণি কৰিছিল সেই ব্যক্তি গৰাকীয়েই আছিল ৰাধেশ্যাম গোৱেংকা ডাঙৰীয়া। একান্ত নিজস্ব প্ৰচেষ্টাৰে ডিব্ৰুগড় চহৰখনক সেউজীকৰণ কৰিবলৈ অন্তঃকৰণেৰে লাগি থকা ডিব্ৰুগড় 

বিগত সময়ছোৱাত তেওঁৰ নিৰলস প্রচেষ্টাতে ইতিমধ্যে ডিব্রুজান আৰু জ্যোতিনগৰৰ সমূহ বাট-পথ কৃষ্ণচূড়া গছেৰে সেউজীয়া হৈ পৰিছে। এইগৰাকী প্রকৃতি প্রেমীয়ে নিজস্ব প্রচেষ্টাত কোনো দল, সংগঠন বা প্রশাসনৰো সহায় নোলোৱাকৈ সকলো কাম নিজেই নিজৰ খৰচত তদাৰক কৰি আহিছিল । পৰিৱেশ সংৰক্ষণ আৰু নগৰীয়া বহনক্ষমতাৰ বাবে জীৱন উছৰ্গা কৰা গোয়েংকা ডাঙৰীয়াই ডিব্ৰুগড়ত এক লাখৰো অধিক গছপুলি ৰোপণ কৰি দেখুৱাইছিল প্রকৃতিপ্ৰেমৰ নিদৰ্শন। তেওঁৰ কৰ্মৰাজিৰ বাবেই বিষান লাল আগৰৱালা মেম’ৰিয়েল এৱাৰ্ড, লায়ন্স শতাব্দী এৱাৰ্ড আদি বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। ডিব্ৰুগড়ৰ বৃক্ষপ্ৰেমী হিচাপে খ্যাত বিশিষ্ট প্রকৃতিপ্রেমী ৰাধেশ্যাম গোয়েংকাই কালি সামৰিলে জীৱন নাট। বৃক্ষমিত্ৰ নামেৰে পৃৰিচিত এইগৰাকী প্রকৃতিপ্রেমীয়ে মৃত্যুৰ 
