...

নিৰ্বাচনী পৰ্যবেক্ষকৰ ডিব্ৰুগড় পলিটেকনিকত ষ্ট্ৰং ৰূম পৰিদৰ্শন

Spread the love

নিৰ্বাচনী পৰ্যবেক্ষকৰ ডিব্ৰুগড় পলিটেকনিকত ষ্ট্ৰং ৰূম পৰিদৰ্শন

সকলোতে কটকটীয়া নিৰাপত্তা বেহু

চাইন অন ডেস্ক:

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত, নিৰ্বাচন আয়োগৰ দ্বাৰা ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক (General Observers) ক্ৰমে টি এন ভেংকটেশ, আই.এ.এচ মহোদয় আৰু চিফাং আৰ্থাৰ ৱৰ্চুইয়ো, আৰক্ষী পৰ্যবেক্ষক (Police Observer) ৰাজেন্দ্ৰ কুমাৰ মীনা, IPS আৰু ব্যয় পৰ্যবেক্ষক (Expenditure Observers) ক্ৰমে পৃথ্বীৰাজ, IRS আৰু আদৰ্শ তিৱাৰী, IRS য়ে আজি দুপৰীয়া ১২ বজাত ডিব্ৰুগড় পলিটেকনিকত উপস্থিত হৈ নিৰ্বাচনী সামগ্ৰী মজুত ৰখা ‘ষ্ট্ৰং ৰূম’ (Strong Room) আৰু গণনা কেন্দ্ৰৰ (counting centre) প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়।

এই পৰিদৰ্শন কালত পৰ্যবেক্ষকসকলৰ সৈতে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক, নিৰ্বাচনী বিষয়াৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পৰিদৰ্শনৰ সময়ত পৰ্যবেক্ষকসকলে নিৰাপত্তাৰক্ষী মোতায়েন, চিচিটিভি নিৰীক্ষণ ব্যৱস্থাৰ কাৰ্যক্ষমতা, প্ৰৱেশ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু নিৰ্বাচনী সামগ্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ ওপৰত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে।

ইয়াৰ উপৰি, ভাৰতীয় নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি সামগ্ৰী সংৰক্ষণ প্ৰক্ৰিয়া সঠিকভাৱে পালন কৰা হৈছে নে নাই, সেই বিষয়েও তেওঁলোকে পৰীক্ষা কৰে। বিষয়াসকলে ষ্ট্ৰং ৰূমত কৰ্তব্যৰত কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায়ত সতৰ্কতা, স্বচ্ছতা আৰু দায়বদ্ধতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *