বিধানসভা নির্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা
সম্পূৰ্ণৰূপে সাজু বিজেপি!
ফেব্ৰুৱাৰীত হ’ব দলীয় প্রার্থী বাছনি:মুখ্যমন্ত্ৰী শৰ্মা
চাবুৱা সমষ্টিত প্রার্থিত্ব কাক দিয়া হ’ব ?
চাইন অন ডেস্ক:
বিধানসভা নির্বাচনলৈ চাৰিটা মাহ বাকী থকা অৱস্থাত শাসকীয় বিজেপিয়ে নির্বাচনী প্রস্তুতি সম্পূর্ণ কৰি তোলা বুলি ঘোষণা কৰিলে মুখ্যমন্ত্রী ড” হিমন্ত বিশ্ব শর্মাই। চাবুৱাত দলৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়- নির্বাচনলৈ বিজেপি সম্পূর্ণরূপে প্রস্তুত হৈ আছে। অহা ফেব্ৰুৱাৰী মাহৰ শেষ ভাগত নির্বাচন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। গতিকে হাতত বেছি সময় নাই। সেয়েহে আমি আমাৰ কামখিনি কৰি গৈ আছোঁ। আনহাতে, কংগ্রেছে চলোৱা নির্বাচনী তৎপৰতা সন্দৰ্ভত মুখ্যমন্ত্রীৰ মন্তব্য- কংগ্ৰেছ দলে কি কৰিছে, কি কৰা নাই সেয়া তেওঁলোকৰ বিষয়বস্তু। ইফালে, অহা ফেব্রুৱাৰী মাহত
বিজেপিয়ে প্রার্থিত্ব বাছনি কৰিব বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্রী ড° শর্মাই। তেওঁ কয়-যিসকলে প্রার্থিত্ব বিচাৰিছে তেওঁলোকে ৰাইজৰ মাজলৈ যাওক। আনহাতে, যিটো সমষ্টিত যিগৰাকীৰ আটাইতকৈ জনপ্রিয়তা থাকে, তেওঁকে দিয়া হ’ব প্রার্থিত্ব। যদি নতুন প্রার্থীৰ জনপ্রিয়তা থাকে, তেন্তে তেৱেই পাব প্রার্থিত্ব। এইবাৰ নতুন যুৱক-যুৱতী, মহিলাই প্রার্থিত্ব পাবই। গতিকে ফেব্রুৱাৰীত প্রার্থী বাছনি কৰাৰ পূর্বেই ডিচেম্বৰ আৰু জানুৱাৰীত প্রার্থিত্ব বিচৰাসকলে ৰাইজৰ মাজলৈ গৈ জনপ্রিয়তা বৃদ্ধি কৰক। ইফালে, চাবুৱা সমষ্টিত প্রার্থিত্ব কাক দিয়া হ’ব তাক লৈ চলি থকা চৰ্চাৰ মাজতে মুখ্যমন্ত্রী ড’ শর্মাই কয়- চাবুৱা-লাহোৱাল সমষ্টিত অগপৰ বর্তমানৰ প্রার্থী পোণাকন বৰুৱা আৰু বিজেপিৰ প্রার্থী বিনোদ হাজৰিকা দুয়োজনে সমানে শক্তিশালী। গতিকে কাক প্রার্থিত্ব দিয়া হ’ব সেয়া সময়ত সিদ্ধান্ত গ্রহণ কৰা হ’ব। আনহাতে, অগপ-বিজেপিৰ আসন ভাগ-বাটোৱাৰাৰ প্রসংগতো মুখ্যমন্ত্রীয়ে কয় যে অগপই অগপ প্রার্থীক টিকট দিয়াৰ অধিকাৰ আছে, বিজেপিয়ে বিজেপিৰ প্রার্থীক টিকট দিয়াৰ অধিকাৰ আছে। কিন্তু যদি এজন প্রার্থী হ’ব লাগে, তেন্তে আমি আলোচনা কৰিম। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই যদি পোণাকণ বৰুৱাই প্রার্থিত্ব পাব বুলি ঘোষণা কৰিছে তেন্তে বাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহি বিনোদ হাজৰিকাক প্রার্থিত্ব দিয়াৰ ঘোষণা কৰিব। ইয়াৰ অৰ্থ হ’ল সমষ্টিটোত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব। যদি সমষ্টিটোত মিত্রদল হিচাপে প্রার্থী প্রক্ষেপ কৰা হয়, তেন্তে সমষ্টিটোৰ বাবে কোনেও প্রার্থীৰ নাম আগতীয়াকৈ ঘোষণা কৰিব নোৱাৰিব। আলোচনাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। ইফালে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জুবিন ক্ষেত্রলৈ নোযোৱা বুলি বিৰোধীয়ে অনা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ মন্তব্য- প্রধানমন্ত্রীয়ে ক’ত কি কৰিব লাগে জানে। বিৰোধীক মই প্রশ্ন কৰিব বিচাৰোঁ দেশৰ প্রথম প্রধানমন্ত্রী হিচাপে অসম আন্দোলনব শ্বহীদক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে, এয়া জানো ডাঙৰ বিষয় নহয়। গোপীনাথ বৰদলৈৰ বিশাল প্রতিমূর্তি উন্মোচন কৰিলে, এয়া ডাঙৰ বিষয় নহয় জানো। কংগ্রেছৰ কোনো প্রধানমন্ত্রীয়ে আজিলৈকে গোপীনাথ বৰদলৈৰ বাবে কিবা কৰিলে নেকি? কংগ্ৰেছৰ কোনো প্রধানমন্ত্রীয়ে এতিয়ালৈকে অসম আন্দোলনৰ শ্বহীদক এপাহো ফুল দিছে জানো? কংগ্রেছে নিজৰ ইতিহাস চাব লাগে। কি সময়ত কি কৰিব লাগে সেয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জানে। কংগ্রেছে প্রধানমন্ত্রী মোদীক শিকোৱাৰ প্ৰয়োজন নাই। আনহাতে, মুখ্যমন্ত্রী হিচাপে দিয়া প্রতিশ্রুতি ড” হিমন্ত বিশ্ব শর্মাই পালন কৰি আহিছে বুলি স্পষ্ট কৰি তেওঁ কয়- মুখ্যমন্ত্রী হিচাপে যি প্রতিশ্রুতি দিওঁ তাক পালন কৰা হৈছে।এতিয়ালৈকে মই পৰীক্ষাত ফেইল হোৱা নাই, আগলৈকো মই পৰীক্ষাত ফেল নহওঁ বুলি বিশ্বাস আছে।