Skip to content নাহৰৰ দেশত নিৰ্বাচনী যুঁজ।
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ‘আছু’ৰ বৃহৎ জয়লাভ
চাইন অন ডেস্ক:
নাহৰৰ দেশত নিৰ্বাচনী যুঁজ।বহু প্ৰত্যাক্ষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা আছুৰ দখলত।নাহৰৰ দেশত পুনৰ উৰিল আছুৰ পতাকা। ছাত্র ৰাজনীতিত উজ্বলি উঠিল সদৌ অসম ছাত্র সন্থাৰ সমৰ্থিত প্ৰাৰ্থী। উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি আৰু সাধাৰণ সম্পাদকসহ মুঠ ১১টাকৈ গুৰুত্বপূৰ্ণ পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। পুৱাৰ পৰা অনুষ্ঠিত হোৱা ভোটদানৰ পাছত সন্ধিয়া ভোট গণনাৰ অন্তত মুঠ ১৮ টাই পদৰ ভিতৰত ১১টা পদত আছু সৰ্মথিত প্ৰাৰ্থীৰ জয়।১৮ টা পদৰ বাবে ৩৬ জনে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।আজি অনুষ্ঠিত হোৱা ছাত্ৰ নিৰ্বাচনত আছুৰ সমৰ্থিত সভাপতি পদৰ প্ৰাৰ্থী আশীষ ভূষণ গগৈ আৰু সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী মাধুৰ্য বৰা নিৰ্বাচিত হৈছে। লাভ কৰা তথ্য অনুসৰি আছুৰ সমৰ্থিত প্ৰাৰ্থী সাংস্কৃতিক সম্পাদক চানদ্বীপ বুঢ়াগোহাঁই, সমাজসেৱা সম্পাদক লিজা কাশ্যপ, সাধাৰণ ক্ৰীড়া সম্পাদক প্ৰিয়ানুছ কলিতা, আন্তঃক্ৰীড়া বিভাগৰ সম্পাদক কংকনা পেগু, ভলীবল সম্পাদক পৰশমনি সোণোৱাল, ফুটবল সম্পাদক ৰীয়া দাস, ল’ৰা কমনৰোমৰ সম্পাদক তাৰিক নাৱাজ নিৰ্বাচিত হৈছে। সেইদৰে এই নিৰ্বাচনত শৰীৰ চৰ্চা পদত ব্ৰুকলীন গগৈ, সহকাৰী সাধাৰণ সম্পাদক টিংকৰ দাস, উপ-সভাপতি মাধুৰ্য চেতিয়া বিজয়ী হয়। উল্লেখযোগ্য যে, ১৮ টা পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ইয়াৰে ২ টা পদত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। বিশেষকৈ ফুটবল সম্পাদক পদত ৰীয়া দাস আৰু তৰ্ক প্ৰতিযোগিতা পদত বিজয় বৰা নিৰ্বাচিত হয়। ইফালে ১৮ টা পদৰ বাবে ৩৬ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আনহাতে প্ৰায় ছয় সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে আজিৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰে। ইফালে এই নিৰ্বাচনত আছু, এবিভিপি, এন এছ ইউ আই, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ দ্বাৰা সমৰ্থিত ছাত্র প্ৰতিনিধিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায়।