...

পবিত্ৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Spread the love

পবিত্ৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পবিত্ৰ ঈদ-উজ-জোহাৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমূহ ইছলামধৰ্মী জনতাক সামাজিক মাধ্যমৰ জৰিয়তে তেও শুভেচ্ছা জ্ঞাপন কৰে
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও এক ভিডিঅ বাৰ্তাযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে

 

চাইন অন ডেস্কঃ পবিত্ৰ ঈদ-উজ-জোহাৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমূহ ইছলামধৰ্মী জনতাক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে তেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰি লিখে- পবিত্ৰ ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই উপলক্ষত সমন্বয়ৰ প্ৰেৰণা যোগাওক আৰু আমাৰ সমাজত শান্তিৰ তন্ত্ৰ শক্তিশালী কৰক। সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিলো।

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও এক ভিডিঅ বাৰ্তাযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদকলৈ যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। সজাই-পৰাই তোলা হৈছে ঈদগাহ ময়দানৰ লগতে মছজিদসমূহ। আজিৰ এই পৱিত্ৰ ক্ষণটিৰ বাবে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে সমূহ ইছলামধৰ্মী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা।

Leave a Reply

Your email address will not be published. Required fields are marked *