...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত গোচৰ !

Spread the love

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত গোচৰ !

 

 

আৰক্ষীক পশু কল্যাণকামী সংস্থাৰ গোচৰ
অঘৰী কুকুৰক বিষাক্ত খাদ্য খুৱাই হত্যাৰ অভিযোগ !
অঘৰী কুকুৰক খাদ্য দিয়াৰ অপৰাধত দুগৰাকী আৱাসিকক ২ হাজাৰকৈ টকা জৰিমনা কতৃপক্ষৰ!

চাইন অন ডেস্ক:

অবিশ্বাস্য, অবিবেচক,অতি জঘন্য কাণ্ড ! উচ্চ জ্ঞানৰ অন্বেষণত নিয়োজিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ পৰা এনেধৰণৰ কাৰ্য, বৌদ্ধিক মহলে বাদেই সাধাৰণ জনতায়ো আশা কৰা নাছিল।

যাৰ ফলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপি গোচৰ দিব লগাত পৰে পশু কল্যাণকাৰী
সংস্থাৰ লোক।

কিয় গোচৰ দিব লগা হল ? ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি এনে অনৈতিক বা অসাংবিধানিক কাৰ্য কৰিলে ?

শুনিলেই আপোনাৰো চকু কপালত উঠিব। এনে কু-কাণ্ডৰ বাবেই গোচৰ দিলে আৰক্ষীক।অভিযোগ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই চৌহদৰ ভিতৰত থকা সকলো অঘৰী কুকুৰক বিষাক্ত খাদ্য খুৱাই হত্যা কৰি প্ৰমাণ নষ্ট কৰিবৰ বাবেই গোপনে পুতি থৈছিল। যিটো নেকি পৰৱৰ্তীকালত ধৰা পৰে।

 

 

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক যোৱা ১৭ জুলাই ২০২৫ তাৰিখে দাখিল কৰা এফ আই আৰত উল্লেখ কৰা কথাবোৰ অলপো বিকৃত নকৰাকৈ উল্লেখ কৰা হল।

 

 

মহোদয়,

মই তলত স্বাক্ষৰ কৰাজন এটা পশু কল্যাণকাৰী
সংস্থাৰ লোক।ডিব্ৰুগড়ৰ অঘৰী প্ৰাণীৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছো।

মই উল্লেখ কৰিব বিচাৰিছো যে কালি আমি এটা বেনামী খবৰ পাইছিলোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ পৰা কিছুমান অঘৰী কুকুৰ অবিৰতভাৱে নোহোৱা হৈ আহিছে।এই কথা একাংশ ছাত্ৰ-ছাত্ৰী আৰু নিয়মীয়া পথচাৰীয়ে পৰ্যবেক্ষণ কৰিছিল। আনকি আমিও ১২/০৫/২০২৫ তাৰিখে Food drive লৈ যোৱাৰ সময়ত কুকুৰৰ সংখ্যা বহুত কম বুলি গম পালোঁ।সেয়েহে সন্দেহজনক কিবা এটা চলি থকা যেন লাগিল।

ইয়াৰ ফলত কিছুমান দৰ্শনাৰ্থী আৰু ছাত্ৰ-ছাত্ৰী সজাগ হৈ পৰিছিল যাৰ বাবে তেওঁলোকে সোধা-পোছা কৰিছিল আৰু বিভিন্ন ব্যক্তিয়ে উদ্ধাৰ কৰা ফলাফলসমূহ অতি ভয়াবহ ধৰণৰ আছিল।কুকুৰকেইটা নিৰুদ্দেশ হোৱাৰ কাৰণ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত/নিয়োজিত বুলি কোৱা কোনো ব্যক্তিয়ে কুকুৰকেইটাক বিষাক্ত খাদ্য যোগান ধৰি একপ্ৰকাৰ হত্যা কৰাৰ উদ্দেশ্যেৰে আৰু পুতি থৈছিল। যাতে কোনেও প্ৰমাণ কৰিব নোৱাৰে।সুত্ৰৰ আধাৰত টিপছ অনুসৰি কালিও প্ৰায় তিনিটা কুকুৰক বিচক্ষণতাৰে বিষাক্ত দ্ৰব্যৰে হত্যা কৰি পুতি থোৱা হৈছিল আৰু আন কুকুৰবোৰক সঘনাই স্থানান্তৰ কৰা হৈছে।

এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ গুৰুতৰ উলংঘা কৰা হৈছে।অতি কম সময়ৰ ভিতৰতে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত সংঘটিত হোৱা এনে আকস্মিক মৃত্যুৱে ইংগিত দিয়ে যে ইয়াৰ ফলত বিশ্ববিদ্যালয়খনৰ একাংশ বিষয়াই ৰচনা কৰা বৃহত্তৰ ষড়যন্ত্ৰৰ ফল হ’ব পাৰে।

এই অপৰাধমূলক কাৰ্য্যই বিএনএছৰ ধাৰা ৩২৫ আৰু ৩২৬(ক) আৰু ৬১ নং ধাৰা আৰু ১৯৬০ চনৰ পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ ১১ নং ধাৰাটোৰ স্পষ্ট উলংঘা কৰা হৈছে।

সেয়ে এনে পৰিস্থিতিত আমি আপোনাক সদয়ভাৱে অনুৰোধ জনাইছো যে এই এফ আই আৰ পঞ্জীয়ন কৰক লগতেই এক সম্যক তদন্ত কৰক।আনাহাতে
মৃতদেহ উদ্ধাৰৰ ব্যৱস্থা কৰি আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা।কেৱল সিমানেই নহয়,
ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ যিকোনো বিষয়া বা কৰ্মচাৰীকে ধৰি অপৰাধীৰ বিৰুদ্ধে শ্ৰীঘেই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰক।

আনাহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৌহদৰ ভিতৰত থকা আবাসীয়ে(হোষ্টেল)অঘৰী কুকুৰক খাদ্য যোগান ধৰাৰ বাবেই ২ হাজাৰ টকাকৈ জৰিমনাও বিহে।আনকি পৰৱৰ্তীকালত অঘৰী কুকুৰক খাদ্য যোগান নকৰিবলৈকো কঠোৰ নিৰ্দেশ দিয়ে।

উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ, বৌদ্ধিকভাৱেও পৰিপূৰ্ণ এখন বিশ্ববিদ্যালয়ে জন্তুৰ ক্ষেত্ৰত কৰা এনে আচৰণত আপোনাৰ মতামত বা প্ৰতিক্ৰিয়া আশা কৰিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *