অক্সফোৰ্ডৰ চিকিৎসা মহাবিদ্যালয়ত ফেলশ্বিপৰ বাবে নিৰ্বাচিত পাটাছাৰকুছিৰ সন্তান
অভাৱনীয় সাফল্যত গৌৰৱবান্দিত অঞ্চলবাসী
পাটাছাৰকুছি:
সংযুক্ত যুক্তৰাজ্য (United kingdom) অৰ্থাৎ ইংলেণ্ডৰ বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত “আন্তৰ্জাতিক প্ৰশিক্ষণ ফেল” (lnternational training fellow// Specialist Medical Practitioner -England) হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ সন্তান ডাঃ ৰিছা দেৱী৷ 
ডাঃ ৰিছাৰ এই যাত্ৰা কঠোৰ পৰিশ্ৰম, সাধনা আৰু অধ্যাৱসায়ৰ এক প্রোজ্জ্বল উদাহৰণ৷ পাটাছাৰকুছিৰ সৰিহ চাকলা গাওঁৰ সন্তান অভিযন্তা তথা ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম মন্ত্ৰণালয়ৰ অধীনস্থ বিকো – লৱৰিৰ অবসৰী পৰিচালন সঞ্চালক হেমন্ত কুমাৰ দেৱ চৌধুৰী আৰু বীণা দেৱীৰ কন্যা ডাঃ ৰিছা দেৱী পিতৃসূত্ৰে পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰয়াত গণেশ চন্দ্ৰ দেৱ চৌধুৰী আৰু মাতৃসূত্ৰে পাঠশালাৰ দীপক চাইকেল ষ্টোৰৰ স্বত্বাধিকাৰী প্ৰয়াত অৰবিন্দ শৰ্মাৰ নাতিনী৷ উল্লেখ যে ডাঃ ৰিছা বিশিষ্ট সাহিত্যিক তথা অইল ইন্দিয়া লিমিটেডৰ অৱসৰী মহাপ্ৰবন্ধক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ ভতিজী। মেধাৱী শিক্ষার্থী গৰাকীৰ এই সাফল্যই পাটাছাৰকুছি তথা বজালী অঞ্চলৰ লগতে সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্রাণিত কৰিব। ডাঃ ৰিছাৰ এই কৃতিত্বত অঞ্চলবাসী অতিশয় আনন্দিত হৈছে আৰু আশা ৰাখিছে এগৰাকী বিশ্বমানৰ শিশুৰোগ বিশেষজ্ঞ হিচাপে তেওঁ দেশৰ বাবে চিকিৎসা সেৱাত আৰু অধিক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।