Skip to content ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমার্চ এণ্ড চায়েন্স বিদ্যালয় আৰু ড° ৰাধাকৃষ্ণন স্কুল অৱ এডভান্স ষ্টাডিজৰ
৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ চিকিৎসা মহাবিদ্যালয়ত আসন লাভ:উৎফুল্লিত কতৃপক্ষ
চাইন অন ডেস্ক:
ডিব্ৰুগড় ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমার্চ এণ্ড চায়েন্স বিদ্যালয়ৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ত আসন পোৱাত উৎফুল্লিত হৈ পৰিছে ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমার্চ এণ্ড চায়েন্স বিদ্যালয় অধক্ষ্য বিকাশ গগৈৰ লগতে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ আৰু ছাত্ৰ-ছাত্ৰীসকল অভিভাৱক সকল।আজি অকল আমাৰ প্ৰচেষ্টাতে ছাত্ৰ ছাত্ৰী সকলে সহজে কঠিন বাট-পথৰে আগুৱাই যোৱা নাই ? এই দিনৰ বাবে অভিভাৱক সকলৰ অশেষ কষ্ট,ত্যাগ,তপস্যাৰ ফল স্বৰূপে একো একোজন সমাজত চিকিৎসক ৰূপে দেখা পাব পিতৃ-মাতৃয়ে।ডিব্ৰুগড়ৰ এখন অন্যতম আগশাৰীৰ মহাবিদ্যালয় আৰ কে কলেজত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে আৰু বহুতে স্ক’লাৰশ্বিপ বা বৃত্তিৰ সহায়ত অধ্যয়ন কৰি আছে। আগশাৰীৰ এই আৰ,কে কলেজৰ দুৱাৰ সদায়েই ছাত্ৰ ছাত্ৰীৰ কাৰণে খোলা থাকে।আৰ,কে কলেজৰ মুৰব্বী গৰাকীয়ে কয় যে এইখন শিক্ষা প্ৰতিষ্ঠানত পঢ়াৰ’ ক্ষেত্ৰত গুৰুত্ব বেচিকৈ প্ৰদান কৰা হয়।সকলোকে সম্পূৰ্ণ সুবিধা দিব নোৱাৰিলেও দৰিদ্ৰ ঘৰৰ পৰা অহা বেছি সংখ্যক ছাত্ৰ ছাত্ৰীক এটা নহয় এটা কিবা ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই সমাজত স্বনিৰ্ভৰ হবলৈ যৎপৰনাস্তি চেষ্টা কৰা হয়।এই ছাত্ৰ ছাত্ৰী সকলে টকাৰ অভাৱত নিজৰ সিক্ষাৰ দক্ষ্যতা পৰা বঞ্চিত হব নালাগে কেৱল তাৰ বাবে এই আৰ,কে কলেজৰ দুৱাৰ সদায়েই খোলা ৰখা হয় আৰু যাৰ বাবে কোনেও যাতে পঢ়া শুনাৰ ক্ষেত্ৰত হতাশ হব নালাগে বুলি জনায় ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমার্চ এণ্ড চায়েন্স বিদ্যালয় আৰু ড° ৰাধাকৃষ্ণন স্কুল অৱ এডভান্স ষ্টাডিজ”ৰ মুৰব্বী বিকাশ গগৈয়ে এনেদৰেই মন্তব্য কৰে।