...

গ্ৰেপ্তাৰ হোৱাটো কামনা কৰি থাকিব নালাগে।

Spread the love

 

চাইন অন ডেস্ক:

নলবাৰীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আজিৰে পৰা আৰম্ভ হৈছে।অহা তিনি মাহৰ ভিতৰত বিতৰণ হব এই পুজি।নলবাৰী সমষ্টিৰ ৩৪,০০০ মহিলাক এই আচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী আজি উপস্থিত থাকে।
৪০ লাখ মহিলাক ৪ হাজাৰ কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিল যদিও সকলো বাধা পাৰ হল আজিৰ দিনটোত বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰে।অক্টোবৰত নিযুত মইনাও লাভ কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।নৱেম্বৰৰ পৰা চাউলৰ লগত ডাইল, নিমখ ,চেনী মহিলা সকলে কম দামত পোৱা আশ্বাস প্ৰদান কৰে।

আনহাতে GMCH ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য।নাৰ্চ , চিকিৎসক , বা কোনো কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ কামনা কৰি থাকিব নালাগে। নহলে অইন ঠাইৰ চিকিৎসক , নাৰ্চ , কৰ্মচাৰীৰ মাজত বিষেদগাৰ জন্মিব, আন্দোলন কৰিব।তদন্ত কমিটিৰ প্ৰতিবেদন অহাকালি দিয়া হৱ।তাৰ পিছতে সিদ্ধান্ত লোৱা হব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাৰ্চ সকলে প্ৰতিবাদ কৰি লাভ নাই।মই নিজেই দেখি আহিছো,অসাৱধানতা,আসোঁৱাহ আছেই। অইন হস্পিতালত প্ৰয়োজন অনুসৰি ষ্টাৰ্ফ কম থাকিলেও GMCH ত প্ৰয়োজনতকৈ ষ্টাৰ্ফ বেছি আছে বুলিও নলবাৰীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

লগতে তদন্ত প্ৰক্ৰিয়াক লৈ সাংবাদিকৰ প্ৰশ্নত GMCH ৰ অধ্যক্ষ সলনি নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখযোগ্য যে আজি নলবাৰীৰ ঘগ্ৰাপাৰত নলবাৰী বিধানসভা সমষ্টিৰ ৩৪,০০০ মহিলাক মহিলা উদ্যামিতা আচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । য’ত উপস্থিত থাকে নলবাৰীৰ অভিভাৱক মন্ত্ৰী অতুল বৰা , পঞ্চায়ত গ্ৰামোন্নয়ণ মন্ত্ৰী ৰণজিত কুমাৰ দাস , স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বহু বিভাগীয় বিষয়া আৰু কৰ্মচাৰী সকল।

আজিৰ সভাত ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ এই ১০ হাজাৰ টকাৰে মোবাইল নিকিনি সৎ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান । ইয়াৰ পিছত পৰ্যায়ক্ৰমে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈ চেক প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। ইপিনে যিসকল মহিলাৰ নাম এই পৰ্যায়ত নাহিল ,তেওলোককো আচনিত অন্তৰ্ভুক্তিৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । আনহাতে ভাষন প্ৰহংগত মুখ্যমন্ত্ৰী গৰাকীয়ে পোনতে কংগ্ৰেছক আক্ৰমণ কৰি লয়।কংগ্ৰেছে এই আচনি নিদিব বুলি অপপ্ৰচাৰ চলাইছিল।আজি নলবাৰীত চেক বিতৰন অনুষ্ঠানে নলবাৰী কংগ্ৰেছক কৰোবাত লুকাই থকা বুলি সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে আজিৰ সভাত কেইবাগৰাকী হিতাধিকাৰী মহিলাই গৰমৰ ফলত ঢলি পৰে।পৰৱৰ্তী সময়ত উপস্থিত চিকিৎসকৰ দলে সেইসকল মহিলাক প্ৰাথমিক চিকিৎসা কৰাই নলবাৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *