...

জিলা ঔষধ পৰিদৰ্শকৰ আকস্মিক অভিযান!

Spread the love

জিলা ঔষধ পৰিদৰ্শকৰ আকস্মিক অভিযান!

ফাৰ্মাচী বন্ধ কৰিলে টুপামাৰীত

চাইন অন ডেস্ক:

কামৰূপৰ টুপামাৰীত আজি জিলা ঔষধ পৰিদৰ্শক(Drugs Inspector)য়ে এক অতৰ্কিত অভিযান চলায় ।শ্যামালেন্দু নাথ নামৰ ঔষধ পৰিদৰ্শক গৰাকীয়ে বৃহস্পতিবাৰে টুপামাৰী বজাৰত হঠাৎ উপস্থিত হৈ বজাৰখনৰ ৫/৬ খন ফাৰ্মাচীত পৰিদৰ্শন কৰি অনুজ্ঞাপত্ৰ নথকাৰ বাবেই এখন ফাৰ্মাচী বন্ধ কৰি দিয়ে।বিভাগীয় অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচী কৰি থকা বজাৰখনৰ মকিবুল ইছলাম নামৰ লোক জনৰ ফাৰ্মাচী খন বন্ধ কৰি দিয়ে ঔষধ পৰিদৰ্শক গৰাকীয়ে।উল্লেখ্য যে, ঔষধ পৰিদৰ্শক অহাৰ খৱৰ পোৱা মাত্ৰেই
টুপামাৰী বজাৰত থকা প্ৰায় ডেৰ কুৰিৰো অধিক ফাৰ্মাচী পলকতে বন্ধ কৰি বজাৰ ত্যাগ কৰে ঔষধৰ দোকানী সকলে।অনুজ্ঞাপত্ৰ বিহীনভাবে চলি থকা ফাৰ্মাচী সমুহৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে অভিযানকাৰী ঔষধ পৰিদৰ্শক গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *