...

নিশা পেট্ৰ’ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক অভিযান

Spread the love

নিশা পেট্ৰ’ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক অভিযান

নগাঁৱত অভাৱ হোৱা নাই তেলৰ, ৰাইজক শঙ্কিত নহ’বলৈ আহ্বান

নগাঁও:

ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে পেট্ৰ’ল -ডিজেলৰ হথাতে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাত পেট্ৰ’ল-ডিজেলৰ মজুত তথা যোগানৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত চৰজমিন অনুসন্ধানৰ বাবে যোৱা নিশা জিলা দণ্ডাধীশ তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক বিশেষ আকস্মিক অভিযান চলায়। আয়ুক্তগৰাকীয়ে চহৰখনৰ বহু সংখ্যক পেট্ৰ’ল ডিপোত আকস্মিক পৰিদৰ্শন কৰি তেলৰ বিতৰণ, মজুত আৰু মূল্যৰ পৰ্যবেক্ষণ কৰে। উক্ত অভিযানকালত আয়ুক্তগৰাকী অৱগত হয় যে জিলাখনৰ তেল ডিপো সমূহত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেল মজুত আছে, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ​তেল সংগ্ৰহৰ বাবে জনসাধাৰণৰ দীঘলীয়া শাৰী আৰু ভিৰৰ কাৰণ সোধাত তেল ডিপোসমূহৰ কৰ্তৃপক্ষই অৱগত কৰে যে উৰা বাতৰিৰ প্ৰকোপত জনসাধাৰণৰ মাজত সৃষ্টি হোৱা আতংকৰ ফলতেই এই ভিৰৰ সৃষ্টি হৈছে। শেষত আয়ুক্ত শৰ্মাই সকলোকে উদ্দেশ্যি এটি বাৰ্তা প্ৰেৰণ কৰে যে সমগ্ৰ জিলাখনত পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত পৰিমাণৰ মজুত আছে। অৱশ্যে কিছুমান তেল ডিপোত সাময়িকভাৱে তেল শেষ হোৱাৰ বাবে গ্ৰাহকসকল যি অসুবিধাৰ সন্মুখীন হৈছিল, সেয়াও অতি কম সময়ৰ ভিতৰতে ডিপোসমূহৰ ব্যৱস্থাপনাই সমাধান কৰিব। যদি জনসাধাৰণে এই সংক্ৰান্তত কোনো অসুবিধাৰ সন্মুখীন হয়, তেন্তে জিলা প্ৰশাসনক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *