...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ সাফল্য

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ সাফল্য

‘My Bharat – NSS Award 20-23’ লাভ প্ৰিয়ানুজ হাজৰিকাৰ

দেশৰ ৰাষ্ট্ৰপতি পৰা গ্ৰহণ কৰিলে বঁটা

চাইন অন ডেস্ক:

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ NSS গোটৰ সদস্য তথা ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰিয়ানুজ হাজৰিকায়ে কালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বঁটা বিতৰণী সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা ‘My Bharat – NSS Award 20-23’ বঁটা গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনক গৌৰৱান্বিত কৰিছে। এই বঁটা হৈছে দেশৰ NSS স্বেচ্ছাসেৱকৰ বাবে প্ৰদত্ত সৰ্বোচ্চ গৌৰৱৰ বঁটা, যি সমাজসেৱা, নেতৃত্ব আৰু জনসচেতনতা গঢ়ি তোলাত অসাধাৰণ অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱকসকলক প্ৰদান কৰা হয়। প্ৰিয়ানুজ হাজৰিকাৰ এই সাফল্য বিশ্ববিদ্যালয় পৰিয়াল, ৰাজ্য তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে গণ্য হৈছে। য’ত আছে নগদ এক লাখ টকা, ৰূপৰ ফলক, স্মাৰক, মানপত্ৰ আদি।প্ৰিয়ানুজ হাজৰিকাই NSS স্বেচ্ছাসেৱক হিচাপে সমাজসেৱাৰ ক্ষেত্ৰত বহুমুখী কার্যকলাপৰ জৰিয়তে নিজৰ সমৰ্পণ আৰু নেতৃত্বদায়ী ক্ষমতাৰ দৃষ্টান্ত স্থাপন কৰিছে। তেওঁ পৰিবেশ সংৰক্ষণৰ বাবে গছ ৰোপণ অভিযান, পৰিচ্ছন্নতা অভিযান, আৰু ৰক্তদান শিবিৰ সফলতাৰে আয়োজিত কৰিছে।
লগতে গ্ৰামাঞ্চল আৰু বিদ্যালয়সমূহত স্বাস্থ্য সচেতনতা কাৰ্যসূচী, শিক্ষামূলক আউটৰিচ প্ৰগ্ৰাম, গাঁৱৰ ছাত্ৰছাত্ৰীৰ বাবে বিনামূলীয়া পাঠদান, আনাথালয়ত সাংস্কৃতিক আৰু ব্যক্তিত্ব বিকাশমূলক অনুষ্ঠান, দুৰ্যোগ সজাগতা আৰু নাগৰিক সুৰক্ষা প্ৰশিক্ষণ, আৰু মহিলাৰ অধিকাৰ সচেতনতা আৰু বাল্যবিবাহবিৰোধী নাট্য প্ৰদৰ্শনৰ দৰে গুৰুত্বপূর্ণ সামাজিক কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। তেওঁ আনকি সামাজিক উৎসৱৰ সময়ত পৰিচ্ছন্নতা অভিযান, জনসমাগমত শৃংখলা ৰক্ষা, ৰোগী সহায়তা প্ৰকল্প আদিতো সক্ৰিয়ভাৱে হাতেলগা দিছে, যাৰ ফলত বহুজনৰ মাজত NSSৰ মূল্যবোধ গঢ়ি উঠিছে।ইয়াৰ উপৰিও, প্ৰিয়ানুজ হাজৰিকাই ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ প্ৰচাৰ আৰু সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।লগতে প্ৰধানমন্ত্ৰী জন ধন যোজনা, প্ৰধানমন্ত্ৰী অতল আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযান, বেটী বচাও বেটী পঢ়াও যোজনা, ডিজিটেল ভাৰত অভিযান, উজ্বলা যোজনা, আয়ুষ্মান ভাৰত, জল জীৱন মিছন আদি আঁচনিৰ বিষয়ে সাধাৰণ জনতাত তথ্য প্ৰচাৰ, মাইক্রো-কেম্পেইন আৰু গ্ৰাম্য স্তৰৰ আউটৰিচৰ কামত আগভাগ লৈছে। বিশ্ববিদ্যালয়ৰ কতৃপক্ষই জনায় যে, প্ৰিয়ানুজ হাজৰিকাৰ এই সাফল্য NSSৰ প্ৰতি তেওঁৰ দীঘলীয়া সমৰ্পণ, জনহিতমূলক কৰ্মত সক্ৰিয় অংশগ্ৰহণ আৰু সমাজৰ উন্নয়নত দিয়া অমূল্য অৱদানৰ ফলশ্ৰুতি। বিশ্ববিদ্যালয় পৰিয়ালৰ পক্ষৰ পৰা উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকা আৰু পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে প্ৰিয়ানুজ হাজৰিকাক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভবিষ্যৎ আৰু অধিক সফলতা কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *