ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমৰ দ্বিতীয়টো জেন জি ডাকঘৰ মুকলি
চাইন অন ডেস্ক:
অসমৰ ভিতৰত দ্বিতীয়টো অত্যাধুনিক ডাকঘৰ মুকলি।জেন-জি পৰ্যায়ৰ শাখা ডাকঘৰটো উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ৰাজ্যৰ প্ৰথমটো এনে ডাকঘৰ মুকলি কৰা পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাংগণত দ্বিতীয়টো মুকলি কৰা হয়।ডাকঘৰটোক “Gen Z Hangout Zone” যে মুকলি কৰি আধুনিকীকৰণ আৰু যুৱক-যুৱতীসকলক
আকৰ্ষিত কৰাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ডাকঘৰ সমুহক আধুনিকীকৰণ আৰু যুৱক-যুৱতীসকলৰ বাবে ডাক সেৱা সহজলভ্য কৰাৰ উদ্দেশ্যে ‘Gen Z Hangout Zone’ নামাকৰণেৰে বিশেষ ভাৱে
ডিজিটেলাইজেছন প্ৰক্ৰিয়াৰ ফলত ডাকঘৰসমূহ কেৱল চিঠি-পত্ৰৰ কেন্দ্ৰ নহৈ এক পূৰ্ণাঙ্গ বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানলৈ পৰিণত হৈছে ডাকঘৰ। ডাকঘৰটোৰ চৌহদত অসমৰ ভাষা- সাহিত্য -সংস্কৃতিৰ সৈতে জড়িত পুৰুধা ব্যক্তি সকলৰ চিত্ৰ অংকন কৰা লগতে ডাকঘৰৰ চৌহদত উদ্যান, অধ্যয়নৰ সুবিধা,খেলাৰ সুবিধা আদি সু-ব্যৱস্থা কৰা হৈছে। আনহাতে ডাকঘৰৰ পূৰ্বৰ চিঠি পত্ৰ প্ৰেৰণ কৰা ৰঙা ৰঙৰ পোষ্ট বক্স নহয়, আহোম ৰাজত্বৰ ৰাজসাক্ষী ৰংঘৰৰ আৰ্হিত পোষ্ট বক্স ৰখা হৈছে সন্মুখত। সমান্তৰালভাৱে
ডাক সেৱাৰ ডিজিটেল প্ৰযুক্তিৰ আধুনিকীকৰণ, য’ত গ্ৰাহক সেৱা উন্নত কৰিবলৈ ‘ক’ৰ’ চিষ্টেম ইন্টিগ্ৰেটৰ’ (CSI), ‘ক’ৰ’ বেংকিং স’লিউচন’ (CBS), আৰু ‘ডাৰপন’ (DARPAN) ডিভাইচৰ দৰে ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ডাক বিভাগৰ অধীক্ষক হীৰেন কুমাৰ গগৈ, সহকাৰী অধীক্ষক জীৱন কুমাৰ 