ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সাহিত্য উৎসৱৰ শুভাৰম্ভ
সাংস্কৃতিক বৈচিত্ৰ্য আৰু বৌদ্ধিক বিনিময়ৰ নতুন দিগন্ত উন্মোচন
চাইন অন ডেস্ক:
উত্তৰ-পূব ভাৰতৰ শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে চাৰিদিনীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰ্জাতিক সাহিত্য উৎসৱ (Dibrugarh University International Literature Festival – DUILF) ২০২৬। দেশ-বিদেশৰ প্ৰায় ১৫০

শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ভাৰতীয় সাহিত্যিক তথা পদ্মশ্ৰী বঁটাপ্ৰাপক য়েছে দৰজে ঠংছি। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লেখকসকলক অসমৰ মাটিত আদৰণী জনাই উত্তৰ-পূৰ্ব ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঐতিহাসিক গুৰুত্ব আৰু বৈষ্ণৱ সংস্কৃতিৰ মহান ধাৰাৰ বিষয়ে উল্লেখ কৰে। তেওঁ বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ চিন্তা-দৰ্শন বিদেশী অতিথিসকলৰ আগত উত্থাপন কৰি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিশ্বজনীন মূল্যৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত বীজ ভাষণ প্ৰদান কৰে ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কূটনীতিবিদ তালমিজ আহমেদই। তেওঁ নিজৰ গ্ৰন্থ What We Can Know সন্দৰ্ভত মত প্ৰকাশ কৰি সাহিত্য, ৰাজনীতি আৰু জ্ঞানচর্চাৰ আন্তঃসম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ বক্তব্যে উৎসৱৰ বৌদ্ধিক পৰিৱেশক এক গভীৰ আৰু চিন্তাশীল দিশ প্ৰদান কৰে।
বিশেষ বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া তথা FOCAL-ৰ পাৰ্টনাৰ জয়ন্ত নাৰায়ণ চৌধুৰী য়ে। তেওঁ উৎসৱৰ আয়োজনৰ অন্তৰালৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰি সাহিত্যৰ জৰিয়তে আন্তঃসংস্কৃতিক বুজাবুজি, কূটনৈতিক সম্পৰ্ক আৰু সামাজিক সম্প্রীতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আদৰণি অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় ৰাহুল জৈনে। তেওঁ উপস্থিত সকলো লেখক, বক্তা, অতিথি আৰু অংশগ্ৰহণকাৰীক আন্তৰিক ধন্যবাদ জনাই সাহিত্যপ্ৰেমী ৰাইজক আগন্তুক দিনসমূহত উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। “মেই চলতা ৰহা, কৰবা বনতা ৰহা” উদ্ধৃতিৰে তেওঁ উদ্বোধনী অধিৱেশনৰ সমাপ্তি ঘোষণা কৰে।
উৎসৱৰ প্ৰথম দিনটোত বিভিন্ন সমান্তৰাল সত্ৰত সাহিত্য, সমাজ, ৰাজনীতি, পৰিচয়, সংস্কৃতি আৰু চলচ্চিত্ৰ আদি বিষয়ৰ ওপৰত ব্যাপক আলোচনা অনুষ্ঠিত হয়। দেশ-বিদেশৰ লেখক, কবি, সাংবাদিক, কূটনীতিবিদ, গৱেষক আৰু চিন্তাবিদসকলে অংশগ্ৰহণ কৰি এক সজীৱ বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰে।
দিনটোৰ আৰম্ভণি হয় দৃশ্যমান কাহিনী নিৰ্মাণ (visual storytelling) বিষয়ক অধিৱেশনেৰে। এই আলোচনাত পৌৰাণিক কাহিনী, লোকসাহিত্য, জীৱবৈচিত্ৰ্য আৰু পৰিবেশ সচেতনতা কেনেদৰে কমিক্স, গ্ৰাফিক উপন্যাস আৰু শিশু সাহিত্যৰ জৰিয়তে নতুন ৰূপত উপস্থাপিত হৈছে, তাৰ বিষয়ে আলোকপাত কৰা হয়।
ইয়াৰ পিছত অনুষ্ঠিত হয় এক আন্তঃৰাষ্ট্ৰীয় কবিতা সন্মিলন, য’ত কবিসকলে পৰিচয়, স্মৃতি, নিৰ্বাসন, প্ৰতিবাদ আৰু আত্মীয়তাৰ অনুভূতিৰ বিষয়ে কবিতা পাঠ কৰে। বহুভাষিকতা আৰু অনুবাদৰ ভূমিকা সাংস্কৃতিক বুজাবুজি বৃদ্ধিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ, সেই বিষয়ত আলোচকসকলে গুৰুত্ব আৰোপ কৰে।
উৰ্দু কবিতা আৰু গজল বিষয়ক এক বিশেষ অধিৱেশনত মীনু বখশীয়ে নিজৰ সাহিত্যিক আৰু সংগীত যাত্ৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। তেওঁ বেগম আখতাৰৰ প্ৰতি নিজৰ গভীৰ অনুৰাগ প্ৰকাশ কৰি উৰ্দুক “এটা আৰামদায়ক আৰু সুৱলা ভাষা” বুলি অভিহিত কৰে। আলোচনাৰ সময়ত গজলক “এক বিজ্ঞান” বুলি উল্লেখ কৰা হ
সাংবাদিকতা আৰু সাহিত্যিক আখ্যান বিষয়ক আলোচনাত লেখক সোপান যোশীয়ে সমাজ, ৰাজনীতি, খেল আৰু ধৰ্মৰ মাজত কাহিনী নিৰ্মাণৰ ভূমিকা ব্যাখ্যা কৰে।
এক শক্তিশালী অধিৱেশনত স্পেনীয় লেখিকা লুচিয়া আসুৱে এম্বোমিও ৰুবিওয়ে বৰ্ণবৈষম্য, অভিবাসন, পৰিচয় আৰু আত্মীয়তাৰ অনুভূতিৰ ওপৰত ব্যক্তিগত অভিজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে— “পৰিচয় হৈছে এনে এক বস্তু যাক প্ৰতিদিনে গঢ়ি তোলা হয়।”
কোৰিয়ান সাহিত্য আৰু সমাজ বিষয়ক আলোচনাত উপনিবেশিক ইতিহাসৰ পৰা আধুনিক বিশ্ব সাহিত্যলৈ কোৰিয়াৰ সাহিত্যি যাত্ৰাৰ বিৱৰণ দিয়া হয়। ইয়াৰ লগতে অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট নিৰ্মাতা জাহ্নু বৰুৱাই চলচ্চিত্ৰত বাস্তৱবাদৰ ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু ভূ-ৰাজনৈতিক বিষয়সমূহৰ ওপৰতো কেইবাটাও আলোচনা অনুষ্ঠিত হয়। ভাৰত–নেপালৰ সম্পৰ্ক, আফগানিস্তান–পাকিস্তানৰ পৰিস্থিতি, পশ্চিম এছিয়াৰ ৰাজনীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়ক আলোচনাসমূহে উৎসৱৰ বৌদ্ধিক পৰিসৰ অধিক বিস্তৃত কৰে।
সুফী সংগীত আৰু কাৱালি বিষয়ক এক বিশেষ অধিৱেশনত ঈশ্বৰপ্ৰেম, ধৰ্মীয় সম্প্রীতি আৰু সংগীতৰ আধ্যাত্মিক দিশৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ এই ঐতিহ্য সংৰক্ষণত মহিলাৰ অৱদানৰ বিষয়টো আলোচনাত গুৰুত্ব লাভ কৰে।
প্ৰথম দিনটোৰ সফল কাৰ্যসূচীয়ে উৎসৱৰ বাবে এক শক্তিশালী বৌদ্ধিক আৰু সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিছে। আলোচনাসমূহে সাহিত্যক কেৱল নান্দনিক ক্ষেত্ৰতেই সীমাবদ্ধ নাথাকি সমাজ, ৰাজনীতি আৰু বিশ্বসম্পৰ্কীয় প্ৰশ্নসমূহৰ সৈতে সংযোগ স্থাপন কৰে।
উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু FOCAL-ৰ যৌথ উদ্যোগত অনুষ্ঠিত এই সাহিত্য উৎসৱত ৭০ৰো অধিক অধিৱেশন আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। অনুবাদ, আদিবাসী কাহিনী, বিশ্ব সাহিত্য আৰু সমসাময়িক সাহিত্যিক ধাৰাসমূহ এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত।
প্ৰথম দিনৰ সফলতাৰ জৰিয়তে DUILF ২০২৬-এ বিশ্ব সাহিত্য , সাংস্কৃতিক অন্তৰ্ভুক্তি আৰু বৌদ্ধিক বিনিময়ৰ প্ৰতি নিজৰ অঙ্গীকাৰ পুনৰ নিশ্চিত কৰিলে।
