...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৩৯তম্ অসম গণিত শিক্ষায়তনৰ বাৰ্ষিক কংগ্ৰেছ অনুষ্ঠিত

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৩৯তম্ অসম গণিত শিক্ষায়তনৰ বাৰ্ষিক কংগ্ৰেছ অনুষ্ঠিত

চাইন অন ডেক্সঃ

অসম গণিত শিক্ষায়তনৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত বিশ্ববিদ্যালয়ৰ ৰংঘৰৰ প্ৰেক্ষাগৃহত অসম গণিত শিক্ষায়তনৰ ৩৯ তম্ বাৰ্ষিক কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠান পোৱা ১০ বজাৰ পৰা আৰম্ভণি হয় । এই কংগ্ৰেছত শিক্ষায়তনৰ সমগ্ৰ অসমৰ আজীৱন সদস্য সকলৰ উপস্থিত থকা উপৰিও ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে গণিত শিক্ষক সকলো উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই গণিত বিভাগৰ সহকাৰী প্ৰধ্যাপক তথা অসম গণিত শিক্ষায়তনৰ ডিব্ৰুগড় শাখাৰ সম্পাদক ড° নিৰঞ্জন বৰাই । ইয়াৰ পাছতেই ভাষণ প্ৰদান কৰে গণিত বিভাগৰ মুৰব্বী প্ৰধ্যাপক তথা অসম গণিত শিক্ষায়তনৰ ডিব্ৰুগড় শাখাৰ সভাপতি প্ৰধ্যাপক পৰমানন্দ ডেকাই । ভাষণৰ প্ৰসংগত প্ৰধ্যাপক গৰাকীয়ে শিক্ষায়তনৰ মূল উদ্দেশ্য ব্যাখ্যা আগবঢ়াই , গণিত শিক্ষাত গুৰুত্ব দিবলৈ সকলোকে উৎসাহিত কৰে ।

এই অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধনী কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰধ্যাপক জিতেন হাজৰিকা মহোদয়ে। উদ্বোধনী ভাষণত উপাচাৰ্য্য গৰাকীয়ে কংগ্ৰেছ খন আয়োজন কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ শলাগ লয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গণিতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপ সমূহ অৱগত কৰে । এই অনুষ্ঠানত উপস্থিত থাকে অসম গণিত শিক্ষায়তনৰ কেন্দ্ৰীয় সভাপতি ড° প্ৰবীণ দাস ডাঙৰীয়া । তেখেতৰ ভাষণত অসম গণিত শিক্ষায়তনৰ সাফল্য আৰু দূৰ্বলতা সমূহ মুকলি ভাৱে আলোচনা কৰে আৰু অনাগত দিনত কিদৰে শিক্ষায়তনৰ নীতি আৰু লক্ষ্যক সাফল্যৰ দিশত আগুৱাই নিবলৈ পাৰি তাৰ উপৰত বৃস্তিতভাৱে আলোকপাত কৰে । উদ্বোধনী অনুষ্ঠানৰ উপস্থিত থকা শিক্ষায়তনৰ সম্পাদক ড° আশীষ পাল ডাঙৰীয়াই শিক্ষায়তনৰ বিগত বছৰৰ খাতিয়ন দাঙি ধৰে । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠাপক সম্পাদক ড° তাৰেকেশ্বৰ চৌধৰী ডাঙৰীয়া আৰু শলাগৰ শৰাই জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী পধ্যাপক ড° দীপাংকৰ দাস ডাঙৰীয়াই । উল্লেখযোগ্য যে এই দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কংগ্ৰেছৰ অনুষ্ঠানত ডিব্ৰুগড়ৰ জিলাৰ বিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত এখনি গণিত মডেলৰ প্ৰদৰ্শনীয়ো আয়োজন কৰা হয় ।

ইয়াৰ উপৰিও এই বাৰৰ ৰাধাচৰণ গুপ্তা স্মৃতিৰ বক্তৃতা অনুষ্ঠানৰ বাবে সমল ব্যক্তি ৰূপে আমন্ত্ৰণ জনোৱা হৈছিল বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰধ্যাপক প্ৰশান্ত চেত্তাৰ্জী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰধ্যাপক তাজিদ আলি ডাঙৰীয়াই ও শূণ্য আৰু অসীম সংখ্যাৰ ধাৰণাৰ উপৰত বিশেষ বক্তৃতা আগবঢ়াই । সমান্তৰালভাৱে ড ° ৰাকেশ মৌলিকৰ নেতৃত্বত গুৱাহাটীৰ স্থিত প্লাজমা ফিজিক্স কেন্দ্ৰৰ এটি বিজ্ঞানীৰ দলে ছাত্ৰ ছাত্ৰী সকলৰ আগত আন এটা গুৰুত্বপূৰ্ণ মডেল প্ৰদৰ্শন কৰে । অসম গণিত শিক্ষায়তনৰ এই কংগ্ৰেছৰ অনুষ্ঠানৰ শেষত সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সভাত ভৱিষ্যতৰ পৰিকল্পনা আৰু নীতি নিৰ্দেশনা যুগুত কৰি সমাপ্ত কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *