আনহাতেদি বিমান পৰিবহণৰ ক্ষেত্ৰত ড° শৰ্মাই ঘোষণা কৰে যে অহা ২০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত পুৱাৰ বিমান চলাচল কৰিব। ইয়াৰ উপৰিও দিল্লী–যোৰহাট আৰু গুৱাহাটী–শিলচৰ পথত দৈনিক পুৱাৰে পৰা বিমান সেৱা আৰম্ভ হ’ব।সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ডিব্ৰুগড়লৈও সন্ধিয়া বিমান সেৱা আৰম্ভ কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।
তাৰোপৰি
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তামুলবাৰীত থকা পূৰ্বপুৰুষৰ ঘৰখন সংৰক্ষণৰ বাবে দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এনে পদক্ষেপ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে আনুষ্ঠানিক চৰকাৰী প্ৰকল্প হৈ পৰে যদিও স্থানীয় জনগোষ্ঠী আৰু সংগঠনসমূহে আদৰ্শগতভাৱে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত। তথাপিও তেওঁ আশ্বাস দিয়ে যে “চৰকাৰৰ ফালৰ পৰাও কি কৰিব পাৰি চাম।”
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল)ৰ কাম-কাজ সন্দৰ্ভত মন্তব্য কৰি ড° শৰ্মাই কয় যে ৰাজহুৱা খণ্ডৰ ইউনিটটো বৰ্তমান চৰকাৰী সহযোগত জীয়াই আছে আৰু লোকচানত চলি আছে।তেওঁ স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।তেওঁ সংবাদ মেলত কয়–“বৰ্তমান গেছ ক্ৰেকাৰ প্ৰকল্প যি পৰ্যায়ত চলি আছে, চৰকাৰে ৰাজ সাহাৰ্য নিদিলে বন্ধ হৈ যাব। কেন্দ্ৰৰ আৰু ৰাজ্য চৰকাৰৰ বাবেই প্ৰকল্পটো চলি আছে।এই সমস্যাৰ সমাধান বাবেই নুমলীগড়,অইল ইণ্ডিয়াৰ লগত কথা পাতি থকা হৈছে। কিবা এটা সমাধান উলিয়াব লাগিব। কেন্দ্ৰ আৰু ৰাজ্যত আমাৰ চৰকাৰ আছে বাবেই এতিয়া চলি থাকিব।নহলে, কিন্তু পৰৱৰ্তীকালত ভীষণ সমস্যা হব।বি চি পি এল ক লৈ আমি দীঘলীয়াকৈ আলোচনা কৰি আছো।প্ৰতিষ্ঠানটো বহুত সংকতৰ মাজৰে চলি আছে।তেওঁলোকৰ কেইবাটাও সমস্যা আছিল, উৰিষ্যাত মাটি লাগে বুলি কৈছিল,সেয়া হৈ উঠা নাই। প্ৰকল্প স্থলীত চিআইএচএফৰ সলনিৰ অসম আৰক্ষীক দিয়াৰ কথা উল্লেখ হৈছিল, তেতিয়া বিচিপিএলৰ ৮-৯ কোটি টকা ৰাহি হব।তাৰো আমি নিদেৰ্শনা দিছো।ইয়াতেই ফিনিচ প্ৰডাক্ট বনাবৰ বাবেই ৱাল স্পুন নামৰ গ্ৰুপ এটাৰ লগত কথা বতৰা চলি আছে।যাতে প্ৰকল্পৰ ভিতৰতেই ফিনিচ প্ৰডাক্ট বনাব পাৰে, আৰু প্ৰকল্পৰো আৰ্থিক দিশত সবল আৰু শক্তিশালী হব পাৰে।আনহাতে স্বায়ত্তশাসিত পৰিষদসমূহত সঠিক জাতিগত প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে মটক মানুহে মটক পৰিষদত আৰু মৰাণ ৰাইজে মৰাণ পৰিষদত ভোটদান কৰিব, প্ৰতিটো সম্প্ৰদায়ৰ অখণ্ডতা আৰু প্ৰতিনিধিত্ব ৰক্ষা কৰিব।