...

৭৭তম গণৰাজ্য দিৱসৰ ডিব্ৰুগড়ত প্ৰস্তুতি সম্পূৰ্ণ

Spread the love

 

৭৭তম গণৰাজ্য দিৱসৰ ডিব্ৰুগড়ত প্ৰস্তুতি সম্পূৰ্ণ

 

মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব

চাইন অন ডেস্ক:

দেশৰ ৭৭তম গণৰাজ্য দিৱসৰ দিনা মুখ্য অতিথি হিচাপে ডিব্ৰুগড়ত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।সেইদিনা মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ
 লগতেই ৰাজ্যবাসীক সম্বোধন কৰিব।স্বাধীনোত্তৰ কালৰে পৰা থকা পৰম্পৰাৰ পৰা সামান্য সলনি কৰি দ্বিতীয়বাৰৰ বাবেই মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।সেয়ে ডিব্ৰুগড়ৰ 
জিলা প্ৰশাসনৰ লগতেই আৰক্ষী প্ৰশাসন আৰু অৰ্ধ সামৰিক বাহিনী পূৰ্ণগতিৰে সকলো ব্যৱস্থা যথাযথ ভাবেই কৰাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।ডিব্ৰুগড়ৰ মহানগৰৰ খনিকৰৰ বিশাল 
খেলপথাৰত আয়োজন কৰা হৈছে ৭৭তম গণৰাজ্য দিৱস। প্ৰতি পুৱা আৰু বিয়লি আৰক্ষী, অৰ্ধসামৰিক বাহিনী,বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতেই বিভিন্ন বিভাগৰ লোকে অনুশীলনত ব্যস্ত
 হৈ পৰিছে।কোনো যাতে খুটিনাটি নাথাকে, তাৰ বাবেই জিলা আয়ুক্তৰ লগতে সহযোগী সকলে নিৰন্তৰ প্ৰচেষ্টা অটুট ৰাখিছে।জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক বিভাগেও পুৱা আৰু বিয়লিৰ ভাগত
স্বাস্থ্য সেৱা আগবঢ়োৱা পৰিলক্ষিত হয়।জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবেই ডিব্ৰুগড়ত গণৰাজ্য দিৱসত পতাকা 
উত্তোলন কৰিব।এয়া গণতন্ত্ৰৰ এক শুভ বাৰ্তা, এক শুভ মুহূৰ্ত। মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী নিৰ্মাণৰ নিমিত্তেই খনিকৰ খেলপথাৰত পতাকা উত্তোলন কৰাৰ ক্ষেত্ৰত কেৱল
 ডিব্ৰুগড়বাসীৰ বাবেই নহয়,ৰাজ্যৰবাবেও এক ইতিবাচক খবৰ। জিলাৰ আয়ুক্ত গৰাকীয়ে পুনৰাই উল্লেখ কৰে যে ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ ফালৰ পৰাও এক আটক ধুনীয়া তথা বৰ্ণিল সাংস্কৃতিক
অনুষ্ঠানৰ আয়োজন কৰা হৈছে।তাৰোপৰি,ডিব্ৰুগড়ৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুুষ্ঠিত হব।যদিও কিছুমান এতিয়াও নিশ্চিত হোৱা নাই। ইয়াৰ লগতেই জিলাৰ অনান্য বিভাগৰ পৰাও সাংস্কৃতিক
 অনুষ্ঠান অংশগ্ৰহণ কৰাৰ কথা আছে।আনহাতে পেৰেডত অসম আৰক্ষী,অৰ্ধসামৰিক, শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলিও সংবাদ মাধ্যমক অৱগত কৰি জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে সকলো লোককে এই ৭৭ তম 
গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাই।মুঠৰ ওপৰত ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ সমান্তৰালকৈ জিলাৰ সকলো স্পৰ্শকাতৰ অঞ্চলসমূহত 
আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তহল ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *