...

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ আমাৰ আলহী অনুষ্ঠান

Spread the love

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ আমাৰ আলহী অনুষ্ঠান

প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈ আহিবলগীয়া শতিকাসমূহৰ বাবে অসমৰ চাহ উদ্যোগ আগবাঢ়িব পাৰে:চাহ বিশেষজ্ঞ উদ্ধৱ শৰ্মা

সময় থাকোঁতেই চাহ উদ্যোগৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব:পৱন সিং ঘটোৱাৰ

 

চাইন অন ডেস্ক:

চাহ উদ্যোগৰ সকলো অংশীদাৰৰ পৰা এক সামগ্ৰিক আৰু সৰ্বাংগীন দৃষ্টিভংগীৰ জৰুৰী প্ৰয়োজন আছে, যাতে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈ আহিবলগীয়া শতিকাসমূহৰ বাবে অসমৰ চাহ উদ্যোগ আগবাঢ়িব পাৰে। কালি প্ৰখ্যাত আৰু অভিজ্ঞ চাহ খেতিয়ক উদ্ধৱ চন্দ্ৰ শৰ্মাই ‘সংকট আৰু প্ৰত্যাৱৰ্তন – ভাৰতৰ চাহ উদ্যোগৰ ভৱিষ্যৎ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি এই মন্তব্য প্ৰদান কৰে। ডিব্ৰুগড় প্ৰেছ ক্লাবে তেওঁলোকৰ ‘আমাৰ আলহী’ শৃংখলাৰ অধীনত আজি ডিব্ৰুগড়ৰ ডিআৰডিএ কমপ্লেক্সৰ জাগৃতি হলত এই অনুষ্ঠানৰ আয়োজন কৰিছিল।
শীৰ্ষস্থানীয় চাহ উৎপাদনকাৰী কোম্পানী ৱাৰেন টি লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শৰ্মাই কয় যে চাহ উদ্যোগ, বিশেষকৈ অসমৰ দুশ বছৰীয়া পুৰণি চাহ উদ্যোগ আজি বাগিচাৰ পৰা নিলামলৈ আৰু উৎপাদনৰ পৰা বিপণনলৈকে বিবিধ ক্ষেত্ৰৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তথাপি এনে নহয় যে উদ্যোগটোৱে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে, ইয়াৰ বাবে সকলো অংশীদাৰ আৰু টি ব’ৰ্ড তথা কেন্দ্ৰীয় আৰু চাহ উৎপাদনকাৰী ৰাজ্য চৰকাৰৰ পৰা এক শক্তিশালী সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন বুলি তেখেতে উল্লেখ কৰে।
ভাৰতত চাহৰ ব্যৱহাৰৰ কম। চাহৰ কম শতাংশ ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি শৰ্মাই কয় যে দেশৰ জনসাধাৰণৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত চাহৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ জৰুৰী প্ৰয়োজন আছে।
শৰ্মাই প্ৰজেক্টৰৰ জৰিয়তে বৰ্তমান অসমৰ চাহ উদ্যোগৰ সংকট আৰু প্ৰত্যাবৰ্তনৰ ওপৰত বিস্তৃত ভাৱে ভাষণ প্ৰসঙ্গত বৰ্ণনা কৰে। অনুষ্ঠানত উপস্থিত থাকি

 

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘটোৱাৰে কয় যে চাহ উদ্যোগতোক জীয়াই তুলিবলৈ চৰকাৰৰ কৰণীয় বহুত আছে। সময় থাকোঁতেই চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব। বৰ্তমান অসমৰ কেঁচা পাতৰ সমস্যা, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ ভাৰতীয় চাহ বৰ্ডৰ ভূমিকা পুতৌজনক বুলি ঘটোৱাৰে অভিহিত কৰে । উপস্থিত চাহ বিশেষজ্ঞ অমিতাভ ফুকনেও চাহ উদ্যোগৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে।, অসম চাহ কৰ্মচাৰী সংঘ (এচিকেএছ)ৰ সাধাৰণ সম্পাদক ৰিষভ কলিতাই চাহ উদ্যোগৰ উন্নয়নৰ বাবে এক সুকীয়া মন্ত্ৰণালয়ৰ পোষকতা কৰে। অনুষ্ঠানত অসম ৰাজ্যিক ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক উৰাং, ক্ষুদ্ৰ চাহ খেতিয়ক, আছা, এটিটিএছএৰ প্ৰতিনিধি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাহ প্ৰযুক্তিবিদ্যা বিভাগৰ ছাত্ৰ-ছাত্ৰী, গণমাধ্যমকৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ লোক এই অনুষ্ঠানত উপস্থিত আছিল। বক্তৃতাৰ পিছত এক প্ৰশ্ন উত্তৰ শিতানত শৰ্মাই অংশগ্ৰহন কৰে। অনুষ্ঠানটোৰ সভাপতিত্ব কৰে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্তই আৰু আঁত ধৰে সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *