...

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত

Spread the love

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত

ডিব্ৰুগড়ত শ্বহীদ কমলা শইকীয়াৰ ৩৪ তম স্মৃতিচাৰণ অনুষ্ঠান

এয়া আমাৰ সাংবাদিক জীৱনৰ বাবেই নহয়, সমাজ জীৱনৰ বাবেও অশনি সংকেত:মনজিত বৰা

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ আগশাৰীৰ সংবাদসেৱী অনুষ্ঠান বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে কালি এক গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱাৰ অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাই এগছি বন্তি প্ৰজ্বলন কৰি শ্বহীদ সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁতধৰা অনুষ্ঠানত জেষ্ঠ সাংবাদিক বিভাস দুৱৰা, যাদৱ গগৈ, মুক্তামণি হাজৰিকাৰ লগতে হিৰণ্য কৌশিক বৰা, সন্তোষ যাদৱ,প্ৰশান্ত শইকীয়া, দীনেশ দাস,শান্তনু গগৈ, বাসু দেৱনাথ, শ্বাহনাৱাজ আহমেদ, আটিকুৰ ৰহমান আদিকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰি প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতি পুস্প অপৰ্ণৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।
অনুষ্ঠানত সভাপতি মনজিৎ বৰাই কয় যে সঁচাকৈয়ে এয়া অতি পৰিতাপৰ কথা যে বিগত ৩৪ বছৰে এগৰাকী সাংবাদিক হত্যাৰ প্ৰকৃত হত্যাকাৰী চিনাক্ত হোৱাতো বাদেই তদন্তও চালুকীয়া অৱস্থাতে থাকি গল।এয়া আমাৰ সাংবাদিক জীৱনৰ বাবেই কেৱল নহয়,এয়া আমাৰ সমাজ জীৱনৰ বাবেও এক অশনি সংকেত।প্ৰয়াত কমলা শইকীয়াৰ দৰে আৰু ভালেকেইগৰাকী সাংবাদিকক বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰে হত্যা কৰা হৈছে।সেয়ে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহবান জনাই।
আনহাতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰাই কয় যে প্ৰয়াত কমলা শইকীয়াক হত্যা মানেই , এয়া কেৱল সাংবাদিকৰ ওপৰত হত্যা কৰা হোৱা নাই।এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ বা হত্যা কৰা হৈছে।সেয়ে সকলো দৃষ্টিকোণৰ পৰাই এতিয়া সাংবাদিক সুৰক্ষিত নহয়।ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোঁহায়ে কয় যে এনে হত্যাই কাপুৰুষালিৰ অৰ্থ বহন কৰে।তেওঁ পুনৰাই কয় যে এজন সাংবাদিকৰ পৰিয়ালে আজি ৩৪ বছৰে ন্যায় নাপালে।অসমৰ সংবাদ মহলেও যুজি যুজি ন্যায় নাপালে।তেনেস্থলত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যদা ক’ত বুলিও গোহায়ে প্ৰশ্ন কৰে।
অনুষ্ঠানত উপস্থিত সংবাদকৰ্মীসকলে প্ৰয়াত সাংবাদিকগৰাকীৰ হত্যা ঘটনাৰ লগত জড়িত আততায়ীসকলক চৰকাৰে পুনৰ চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *