বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈৰ ৫০ লাখ টকাৰ অনুদান ঘোষণা
চাইন অন ডেস্ক:
গুণগত সংবাদ সেৱাৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভেটি সুদৃঢ় কৰাত সাংবাদিকসকলে উল্লেখযোগ্য অৰিহণা যোগাই আহিছে। জনসজাগতা সৃষ্টি তথা যোগাত্মক দৃষ্টিভংগীৰে সংবাদ ক্ষেত্ৰক সমৃদ্ধ কৰিবলৈ সাংবাদিকসকলক আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ জাহাজ, জলপৰিবহণ আৰু বন্দৰ
মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। তেওঁ কয় যে,দেশৰ ইতিহাসত ঐতিহাসিক ডিব্ৰুগড়ৰ সুকীয়া মৰ্যাদা আছে। ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ বিভিন্ন ইতিহাসক সংৰক্ষণ আৰু পৰ্যটকসকলক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে ভৱিষ্যতৰ দিনত মুখ্য ভূমিকা লব পাৰে।সংবাদ পত্ৰৰ ইতিহাসত ডিব্ৰুগড়ৰ ভূমিকাক সংৰক্ষণৰ লগতে ডিব্ৰুগড় চহৰৰ প্ৰাচীন ইতিহাসক পৰ্যটকৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ বাবে অনাগত দিনত সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অনাগত দিনত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ
ক্লাবৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ জাহাজ, জলপৰিবহণ আৰু বন্দৰ মন্ত্ৰ সৰ্বানন্দ সোণোৱালে সাংবাদিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা নিৰ্মাণ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১১ বছৰে ভাৰতবৰ্ষই এক শক্তিশালী আৰু উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বদৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত সাংবাদিক সকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। মেৰিনটাইম নেচন বা সামুদ্ৰিক শক্তি হিচাপে ভাৰতক পুনৰ বিশ্বৰ শীৰ্ষস্থানলৈ নিয়াৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। তেওঁ উল্লেখ কৰে যে যিবোৰ দেশে সামুদ্ৰিক বেপাৰ-বাণিজ্য আৰু জাহাজ নিৰ্মাণৰ দৰে আন্তঃগাঁথনি উন্নত কৰিছে, সেই দেশবোৰেই আজি বিশ্বৰ মহাশক্তি হিচাপে পৰিগণিত হৈছে। ডিব্ৰুগড় চহৰৰ গৌৰৱোজ্জ্বল ইতিহাস সোঁৱৰণ কৰি সোণোৱালে কয় যে ১৮৪০ চনতে প্ৰতিষ্ঠা হোৱা এই চহৰখনে ইতিমধ্যে ১৮৪ বছৰ অতিক্ৰম কৰিছে। এসময়ত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ মোহনা ঘাটৰ পৰাই দৈনিক প্ৰায় ৫০০ খনকৈ জাহাজ চলাচল কৰিছিল আৰু ইয়াত উৎপাদিত চাহ, তেল তথা কয়লাই বিশ্বৰ বজাৰ দখল কৰি অসমৰ অৰ্থনীতিক শক্তিশালী কৰিছিল। ডিব্ৰুগড়ৰ এই সমৃদ্ধ ঐতিহ্যৰ বিষয়ে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে গভীৰভাৱে অধ্যয়ন কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ বিশ্বাস কৰে যে উঠি অহা প্ৰজন্মই এই ইতিহাস উপলব্ধি কৰিব পাৰিলে তেওঁলোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে বিশ্ব জয় কৰিবলৈ সক্ষম হ’ব। এই ক্ষেত্ৰত বৃহত্তৰ প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয়টিয়ে ডিব্ৰুগড়ৰ ইতিহাস সংৰক্ষণ আৰু পৰ্যটকসকলক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ৫০০০ বছৰ পূৰ্বৰ ভাৰতীয় সভ্যতাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়তে গুজৰাটৰ লোথালত জাহাজ নিৰ্মাণ আৰু মেৰামতিৰ কাম হৈছিল আৰু ভাৰতে সামুদ্ৰিক বাণিজ্যত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছিল। সেই অমূল্য স্মৃতিক ধৰি ৰাখিবলৈকে প্ৰধানমন্ত্ৰীৰ উদ্যোগত লোথালত বিশ্বৰ বৃহত্তম ‘নেছনেল মেৰিটাইম কমপ্লেক্স’ নিৰ্মাণ কৰা হৈছে, য’ত ইউৰোপ-আমেৰিকাৰ দৰে বিভিন্ন ৰাষ্ট্ৰৰ সামুদ্ৰিক ইতিহাস সংৰক্ষণ কৰা হ’ব বুলি উল্লেখ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত
থাকি ডিব্ৰুগড় বিধায়ক তথা শক্তি, স্বাস্থ্য শিক্ষা দপ্তৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে,গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে সংবাদমাধ্যম। সুস্থ গণতান্ত্ৰিক প্ৰমূল্যবোধ বৰ্তাই ৰাখি অদম্য সাহসেৰে কৰ্মসম্পাদন কৰা সংবাদকৰ্মসকলৰ জৰিয়তে এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত অন্যতম অৰিহণা আছে। ডিব্ৰুগড়ৰ সাংবাদিকতাৰ ইতিহাসত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ নতুন কাৰ্যালয়টোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা পাছত সাংবাদিক সকলৰ যথেষ্ট সুবিধা হ’ব বুলি উল্লেখ কৰে। তেওঁ ভৱন নিৰ্মাণৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সহযোগ আগবঢ়োৱাৰ আশ্বাস দিয়ে। অনুষ্ঠানত উপস্থিত থাকি এগৰাকী বিশিষ্ট সমাজকৰ্মী, উদ্যোগপতি তথা দানবীৰ হিচাপে পৰিচিত জ্যোতি প্ৰসাদ কানৈয়ে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নতুন ভৱন নিৰ্মাণৰ বাবে ৫০ লাখ টকা এককালীন আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰে।অনাতাঁৰ শিল্পী ভূৱন গগৈৰ পৰিচালনাত আৰু ড° চুমী ফুকনৰ নেতৃত্বত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক গীতটি সমস্ৰৰে পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ডিকমৰ পৰা খোৱাংলৈকে কৰ্মৰত সাংবাদিক সকলক লৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ ভৱন নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দহ লাখ টকাৰ অনুদান আগবঢ়াইছিল। আজি নিৰ্মাণ শুভাৰম্ভ অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঁই, প্ৰাক্তন সম্পাদক ৰতন হাজৰিকা, উপদেষ্টা ড° শশীকান্ত শইকীয়া, বীৰেন বৰুৱা,অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল
চাহেৱালা, ডিব্ৰুগড় পৌৰ নিগমৰ উপাধ্যক্ষ উজ্বল ফুকন, বিশিষ্ট সমাজকৰ্মী দানবীৰ জ্যোতি প্ৰসাদ কানৈ,বিশিষ্ট সমাজকৰ্মী আত্মাৰাম বেমৰিৱাল, মটক স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দ্বীপজয় শইকীয়া, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অভিযন্তা লক্ষ্মী বুঢ়াগোহাঁই, ডিব্ৰুগড় চেম্বাৰ্ছ অব কমাৰ্চৰ দিপক কেজৰিৱাল, চৰ্দাৰ মালবিন্দৰ সিং, গুৰুদ্বাৰৰ সভাপতি চৰ্দাৰ জৰ্চপাল সিং, লায়ন্স ক্লাবৰ অধ্যক্ষ সঞ্জয় জৈন, শ্বট পূজা কমিটিৰ সভাপতি ৰামপট বাৰ্মা,জৈন সমাজৰ সম্পাদক অমিত জৈন, জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণা ৰঞ্জন গগৈ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য চন্দন ফুকন, জাতীয় যৌথ মঞ্চ অসমৰ আহ্বায়ক দিব্য গগৈ আৰু শৰৎ হাজৰিকা,ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা,অসম চৰকাৰৰ যুৱ লেখক বঁটা প্ৰাপক লেখিকা অৰ্পণা ফুকন দাস, সংগীত গুৰু ড° চুমী ফুকন, মৌচুমী বৰ্মন, মিনাক্ষী শৰ্মা,ভাৰতী বৰুৱা দুৱৰা, মিতালী মোহন ভৰালী,নিমিতা তামুলী,পপী দত্ত কলিতা,লুকুমনি গগৈ হাজৰিকা, গায়ত্ৰী হাজৰিকা,ড° বলীন সন্দিকৈ,জয়ৰাজ চক্ৰৱৰ্তী,ৰতন গগৈ,বীৰাজ গগৈ,ময়ুৰ কৃষ্ণ ভৰালী, ৰাহুল গগৈ, ৰাহুল দাস,
বিশিষ্ট নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ, বিশিষ্ট সমাজকৰ্মী মোহন চেত্ৰী,বায়ন তথা সমাজকৰ্মী জয়ন্ত বৰশইকীয়া,খোৱাং প্ৰেছ ক্লাবৰ সভাপতি বাবুল সোনোৱাল, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকন, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ,
ডিব্ৰুগড় আছুৰ সভাপতি- সম্পাদক চান্দম সোনোৱাল আৰু প্ৰীয় প্ৰতিম সোনোৱাল, বিতুপন দুৱৰাকে
প্ৰমুখ্য কৰি বহু গণ্য মান্য ব্যক্তি জাতীয় জনগোষ্ঠীয় সংগঠন আৰু সামাজিক অনুষ্ঠানৰ বিষয়ববীয়া শুভাকাংক্ষী উপস্থিত থাকে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰস্তাৱিত ভৱনত দুটাকৈ প্ৰেক্ষাগৃহ, আঠটা অতিথি শোৱনি কোঠা, এটা লাইব্ৰেৰী, এটা কম্পিউটাৰ ৰোম, এটা ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়, এটা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যালয়,প্ৰায় দহখন ব্যৱসায়িক প্ৰতিষ্ঠান আদি থাকিব বুলি সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়ে।