...

ডিব্ৰুগড়ত ‘ৰাইজৰ পদুলিত, ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক যাত্ৰা মুকলি

Spread the love

ডিব্ৰুগড়ত ‘ৰাইজৰ পদুলিত, ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক যাত্ৰা মুকলি

জানুৱাৰীত বিৰোধী মিত্ৰজোঁটৰ সন্মিলন

ৰাইজৰ পৰামৰ্শৰ ভিত্তিত কংগ্ৰেছে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ

ডিব্ৰুগড়ত গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

চাইন অন ডেস্ক:

২৬’ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা মাহ বাকী থকাৰ প্ৰাকমুহুৰ্তত অসম প্ৰদেশ কংগ্ৰেছে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিলে ‘ৰাইজৰ পদুলিত, ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক যাত্ৰা।শনিবাৰে ডিব্ৰুগড়ৰ টি কাউন্টিত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই যাত্ৰা মুকলি কৰি কয় যে, কংগ্ৰেছ দল পূৰ্বতকৈ সাংগঠনিক দিশত সবল হৈছে। এতিয়া আমাৰ লক্ষ্য হ’ল ‘ৰাইজৰ পদূলিত,ৰাইজৰ কংগ্ৰেছ’ মূলমন্ত্ৰৰে ৰাইজৰ কাষলৈ আগবাঢ়ি যোৱা। এই মূলমন্ত্ৰ অনুসৰি যোৱা ৩০ নবেম্বৰত প্ৰদেশ কংগ্ৰেছৰ মেডিকেল কোষৰ জৰিয়তে অসমৰ বিভিন্ন বাগিচা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছিল। আজি ডিব্ৰুগড়ৰ পৰা প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটি আৰু জিলা কংগ্ৰেছৰ যোগেদি ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক দল-সংগঠন, গণ্য-মান্য নাগৰিকৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সপোনৰ অসমৰ বিষয়ে, বৰ অসমৰ বিষয়ে আমি শুনিবলৈ, বুজিবলৈ একত্ৰিত হৈছোঁ। এই মাহৰ শেষৰফালে আমাৰ দলৰ জ্যেষ্ঠ নেতা সকল ৫ টা গোটত বিভক্ত হৈ অসমৰ চুকে-কোণে উজনি-নামনিৰ, পাহাৰীয়া জিলা কেইখনৰ, বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তলৈ যাব আৰু সেই অঞ্চলৰ খেতিয়ক-শ্ৰমিক, সৰু দোকানী, উদ্যোগী, ছাত্ৰ-ছাত্ৰী, মহিলা, শিক্ষক, বিশিষ্ট নাগৰিককে ধৰি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মনৰ কথা শুনিবলৈ, মতামত ল’বলৈ, দিহা-পৰামৰ্শ ল’বলৈ যাব। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত যিবিলাক ঐতিহাসিক আইন যেনে RTI, RTE, MGNREGA খাদ্য সুৰক্ষা আইন আদি প্ৰণয়ন কৰা হৈছিল,সেই সকলো বিলাক আইন প্ৰণয়ন কৰাৰ পূৰ্বে বিভিন্ন সামাজিক দল-সংগঠন,বিশিষ্ট নাগৰিক আৰু বিশেষজ্ঞৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহন কৰা হৈছিল। ঠিক তেনেদৰে অসমতো ২০০১ চনত প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ গঠন হোৱাৰ পাছত সেই সময়ৰ ভয়াবহ আৰ্থিক সংকট আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈও বিভিন্ন সামাজিক দল-সংগঠন, বুদ্ধিজীৱি, অৰ্থনীতিবিদ, প্ৰশাসকৰ দিহা পৰামৰ্শ গ্ৰহন কৰিছিল। ৰাইজৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰাতো কংগ্ৰেছ দলৰ পৰম্পৰা, নতুন সংকল্প নহয়। যোৱা ১২ নবেম্বৰত আমি কেইবাটাও বিৰোধী দলৰ নেতাসকলৰ সৈতে আলোচনা কৰি কৈছিলো যে আমি মাথো বৰ্তমানৰ চৰকাৰ খনক ৰাজনৈতিক ভাবে সমালোচনা কৰিলেই নহ’ব। আজিৰ তাৰিখত অসমৰ যুৱ সমাজে, কৃষক সমাজ, চৰকাৰী কৰ্মচাৰী, থলুৱা উদ্যোগী, বিভিন্ন জনগোষ্ঠী তথা অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলে কেনেদৰে ভবিষ্যতৰ অসমখন কেনেধৰণে বিচাৰে তাৰ বাবে আমাৰ এটা পৰিকল্পনা থাকিব লাগিব। সেইকাৰণে সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতিটো বিৰোধী দলে ডিচেম্বৰ মাহত নিজৰ নিজৰ মাধ্যমেৰে বিভিন্ন স্তৰত ৰাইজৰ ওচৰলৈ গৈ এই পৰিকল্পনাৰ বিষয়ত ৰাইজৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰা হ’ব। আৰু অহা জানুৱাৰী মাহত বিভিন্ন বিৰোধী দলে একত্ৰিতভাবে এখন সন্মিলন অনুষ্ঠিত কৰিম। য’ত আমি বিৰোধী দলসমূহে এক নতুন পৰিকল্পনাৰে এখন নতুন অসমৰ,বৰ অসমৰ দৃষ্টিভংগী অসমৰ ৰাইজৰ সন্মুখত প্ৰকাশ কৰিম। অসমৰ থলুৱা মানুহৰ জ্ঞান, প্ৰতিভা আৰু অভিজ্ঞতাখিনিক লৈ আমি সামূহিকভাবে এখন নতুন অসমৰ নক্সা তৈয়াৰ কৰিব বিচাৰিছো। বৰ্তমান অসমত পূৰ্বৰ দৰে পৰিস্থিতি নাই।বৰ্তমান অসমত ৰাজতন্ত্ৰ চলিছে। দিশপুৰত এজন ৰজা আছে। যিজনে নিজৰ ইচ্ছামতেহে সকলো কাম কৰে।চৰকাৰী বিষয়া কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিলেই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়ে। আমি ৰজাৰ দৰে থাকিব নিবিচাৰো। আমি সেৱকৰ দৰে থাকিব বিচাৰো। ৰাইজৰ সেৱক হৈ থাকিব বিচাৰো। সেয়েহে ৰাইজৰ পৰা দিহা-পৰামৰ্শ আৰু মতামত গ্ৰহন কৰাটো আমাৰ পৰম্পৰা। ২৬’ৰ নিৰ্বাচনত বিৰোধী মিত্ৰতা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমাৰ দৃষ্টি নিৰ্বাচনী বা আসনৰ বুজাবুজি নহয়, ৰাইজৰ সৈতে আলোচনা কৰি দৃষ্টিভংগী প্ৰকাশ কৰাৰ কথা কৈ আহিছো। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো কয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অন্তকৰণে বিচাৰে কংগ্ৰেছ। ছয় জনগোষ্ঠীৰ একতাক শলাগ লৈছোঁ। বিজেপিয়ে বিভাজনৰ প্ৰচেষ্টা চলাইছিল। বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰত প্ৰভাৱ পেলাব নালাগে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে বৰ্তমানৰ জনজাতি আৰু ছয় জনগোষ্ঠীয়ে অধিকাৰ নাপাব। ইতিমধ্যে জনজাতিৰ মাটি আদানী-আম্বানিক বিক্ৰী কৰি দিছে। সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে যিমান চিৰিয়াছ, সিমান চিৰিয়াছ নহয় হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে লগতে কয় যে, ৮ ডিচেম্বৰত আহিব ঠিকেই, কিন্তু জুবিনৰ চাৰ্জশ্বিট কেতিয়া দাখিল কৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে কোৱা নাই। ইফালে অসমলৈ বৃন্দাবনী অনাৰ প্ৰসংগতো গৌৰৱ গগৈয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াক কিছুদিন বৰপেটাত ৰাখিব লাগিব। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক জনতাৰ ইস্তাহাৰ আখ্যা দি কয় যে, জনতাৰ ইস্তাহাৰত জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰা হ’ব। ৰাইজৰ জ্বলন্ত সমস্যাক সমাধানত গুৰুত্ব প্ৰদান কৰা হ’ব। সাধাৰণ মানুহৰ জীৱনৰ মাণদণ্ড উন্নীতকৰণত গুৰুত্ব দিয়া হ’ব। কৰ্মসংস্থাপন, ভৱিষ্যদৰ্শী কাৰ্যসূচী লোৱা হ’ব। ইফালে কংগ্ৰেছে ৰাইজৰ মতামতৰ ভিত্তিত ইস্তাহাৰ প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। সংবাদমেলত প্ৰবীন কংগ্ৰেছ নেতা পৱনসিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝি, প্ৰণতি ফুকন, জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভা আদিকে ধৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *