...

ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ কাণ্ড !

Spread the love

 

 

ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ কাণ্ড !

 

প্ৰেমৰ চলনাৰে অন্তঃসত্বা কিশোৰীক গোপনে অস্ত্ৰোপচাৰ
অজ্ঞাত ব্যক্তিৰ হাতত তুলি দিলে নৱজাতকক!

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা।এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ ফলত অন্ত:সত্তা হোৱাত সমগ্ৰতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।কেৱল সিমানেই নহয়,পৰৱৰ্তী সময়ত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ 
হাস্পাতালত অস্ত্ৰোপচাৰ কৰি গোপনে সন্তান জন্ম দিয়াৰ পাছত নৱজাতকক এক বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উঠিছে।

জানিব পৰা অনুসৰি ডিব্ৰুগড়ৰ মৰাণত সংঘটিত হৈছে এই ভয়ানক ঘটনা।ভৰত মুণ্ডা নামৰ এজন বিবাহিত যুৱকে দশম শ্ৰেণীত অধ‍্যয়নৰত এগৰাকী ১৫বছৰীয়া কিশোৰীক প্ৰেমৰ নামত বহু দিন ধৰি যৌন অতিশয‍্যা চলাই আহিছিল।প্ৰেমৰ চলনাৰে এগৰাকী কিশোৰীক অন্তঃসত্বা কৰাৰ পাছত গ্ৰেপ্তাৰ হ’ল যুৱক ভৰত।

ডিব্ৰুগড়ৰ মৰানত সংঘটিত হোৱা ঘটনাত অভিযুক্ত ভৰত মুণ্ডাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ।প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ইয়াৰ পাছতে অন্তঃসত্বা কিশোৰীগৰাকীৰ সন্তান প্ৰসৱৰ ঘটনাক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত গোপনে অন্তঃসত্বা কিশোৰীগৰাকীক অস্ত্ৰোপচাৰ কৰাৰ পাছতে প্ৰসৱ হোৱা নৱজাতকক অজ্ঞাত ব্যক্তিৰ হাতত তুলি দিলে ভৰত মু্ণ্ডাই।

যোৱা ২৩ জুনত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰ হোৱাৰ পাছত স্থানীয় গাঁও প্ৰধানে মৰান আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰখনৰ ভিত্তিত ৭৫/২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/৬৪(১)/৯৮/৬ পকছ’ আইন ৰুজু কৰা হৈছে।

আনহাতে ঘটনা সন্দৰ্ভত মৰান আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, ভৰত মুণ্ডা নামৰ এজন বিবাহিত যুৱকজনে দশম শ্ৰেণীত অধ‍্যয়ণৰত এগৰাকী ১৫ বছৰীয়া কিশোৰীক প্ৰেমৰ নামত চলাইছিল বহুদিন যৌন অতিশায‍্য।পৰৱৰ্তী সময়ত ছাত্ৰী গৰাকী অন্তঃসত্বা হৈছিল যদিও ভৰত মুণ্ডা নামৰ পাষণ্ডটোৱে গোপনে ডিব্ৰুগড়ৰ আগশাৰীৰ ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যোৱা ২৩ জুনত গোপনে এটি সন্তান জন্ম দিয়ে এই ঘটনা সন্দৰ্ভত হাস্পতাল কতৃপক্ষই আৰক্ষীক খবৰ দিব লাগিছিল যদিও বে-আইনী এই সমগ্ৰ ঘটনাতো গোপনে ৰাখি সংঘটিত কৰিছিল।

পৰৱৰ্তী পৰ্যায়ত স্থানীয় গাঁও প্ৰধানে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি মৰাণ আৰক্ষী ‌থানাত অৱগত কৰাত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহে। মন কৰিবলগীয়া যে, ডিব্ৰুগড়ত এনেধৰণৰ অপৰাধ জনিত ঘটনা নতুন নহয়। বিভিন্ন সময়ত এনেধৰনে‌ ডিব্ৰুগড়ত কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত একাংশ চিকিৎসালয়ত গোপনে এনেধৰণৰ কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ দীঘলীয়া। এগৰাকী ১৫ বছৰীয়া কিশোৰী প্ৰেম, অন্তঃসত্বা আৰু পৰৱৰ্তী সময়ত সন্তান জন্ম দিয়া ঘটনাক কোনোৱে সহজভাৱে লোৱা নাই। এতিয়া সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ বিৰুদ্ধে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব অত্যন্ত লক্ষণীয়। অৱশ্যে চাইল্ড লাইনৰ জৰিয়তে ইতিমধ্যে সন্তানটি তিনিচুকীয়াৰ পৰা উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *