...

ডিব্ৰুগড় নিৰ্বাচন জিলাৰ খোৱাং বিধানসভা সমষ্টিত সাধাৰণ পৰ্যবেক্ষকৰ ভ্ৰমণ

Spread the love

ডিব্ৰুগড় নিৰ্বাচন জিলাৰ খোৱাং বিধানসভা সমষ্টিত সাধাৰণ পৰ্যবেক্ষকৰ ভ্ৰমণ

 

চাইন অন ডেস্ক:

আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৮৭-চাবুৱা লাহোৱাল, ৮৮-ডিব্ৰুগড় আৰু ৮৯-খোৱাং বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেঙ্কটেশে (IAS) কালি নিৰ্বাচনী প্ৰস্তুতি আৰু আন্তঃগাঁথনিৰ বুজ ল’বলৈ ৮৯-খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও ভোটকেন্দ্ৰ পৰিদৰ্শন কৰে।

ভ্ৰমণকালত পৰ্যবেক্ষকগৰাকীয়ে ১১৭, ১১৮, ১৩৭, ১৩৮, ১৩৯, ১১৯, ১২৯ আৰু ১৩০ নম্বৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আৰু সুচাৰু তথা সুচল ভোটদান প্ৰক্ৰিয়াৰ বাবে উপলব্ধ সুবিধাসমূহৰ পৰ্যালোচনা কৰে।

পৰিদৰ্শনৰ ভিত্তিত, সংশ্লিষ্ট বিষয়াসকলক সামগ্ৰিক আন্তঃগাঁথনি আৰু ভোটাৰসকলৰ বাবে সুবিধা বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ভোটকেন্দ্ৰৰ ভিতৰত আৰু চৌপাশে পোহৰৰ উন্নত ব্যৱস্থা কৰা, দিব্যাঙ্গ (PwD) ব্যক্তিসকলৰ লগতে সকলো ভোটাৰৰ বাবে সুগমতা নিশ্চিত কৰিবলৈ ৰেম্প (ramp) সমূহ মেৰামতি কৰা আৰু ৰেম্প-অনুকূল প্ৰৱেশদ্বাৰ নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হয়।

তদুপৰি, ভোটাৰৰ সজাগতা আৰু চিনাক্তকৰণৰ সুবিধাৰ বাবে ভোটকেন্দ্ৰৰ বিৱৰণ আৰু বুথ পৰ্যায়ৰ বিষয়াৰ (BLO) নাম আদি গুৰুত্বপূৰ্ণ স্থানত স্পষ্টকৈ প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো ভোটগ্ৰহণকেন্দ্ৰ সুসজ্জিত, সুগম আৰু ভোটাৰ-অনুকূল হোৱাটো নিশ্চিত কৰিবলৈ সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে।

উক্ত পৰিদৰ্শনকালত সংশ্লিষ্ট চক্ৰ বিষয়া, ছেক্টৰ বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকল (BLO) উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *