...

ডিব্ৰুগড়ত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ

Spread the love

ডিব্ৰুগড়ত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ

কৰায়ত্বৰ দাবীত জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান

 

চাইন অন ডেস্ক:

ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত হিৰণ্য কোশিক বৰা নামৰ এজন ইলেক্ট্ৰনিক মাধ্যমৰ সাংবাদিকক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰামতে, পৰহিৰ নিশা মহানগৰখনৰ ডেভেলপমেন্ট এৰিয়াৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত নিজৰ বাইকখনেৰে কালি নিশা গৈ থকা অৱস্থাত সাংবাদিক হিৰণ্য বৰাক এজন লোকে আগভেঁটি ধৰি ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত বাতৰি কৰাক লৈ যুক্তি-তৰ্ক কৰে। ইয়াৰ পাছতে সাংবাদিকজনক হেলমেটেৰে প্ৰহাৰ কৰি আঘাত কৰে। ঘটনাৰ পাছতে স্থানীয় লোকে সাংবাদিকজনক উদ্ধাৰ কৰি স্থানীয় নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়। ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰ হোৱাৰ পাছতে ডিব্ৰুগড় সাংবাদিকৰ দল হস্পিতালত উপস্থিত হৈ সাংবাদিকজনৰ স্বাস্থ্যৰ বুজ লয়। ইফালে কালি নিশাই সাংবাদিকজনে আক্ৰমণকাৰীৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে সাংবাদিক আক্ৰমণকাৰীক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। ইফালে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ হৈ সভাপতি মনজিত বৰা, উপ সভাপতি বিভাস দুৱৰা আৰু সম্পাদক ৰাতুল বঢ়াগোঁহাই নেতৃত্বত যোৱা এক প্ৰতিনিধি দলে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে। অতি শীঘ্ৰে দোষীক কৰায়ক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। সাংবাদিক হিৰণ্য কৌশিক বৰাই জানিবলৈ দিয়ামতে, এই ঘটনাত নিবাৰণ গগৈ নামৰ গাহৰী ব্যৱসায়ী জড়িত হৈ আছে। নিবাৰণ বৰাই সাংবাদিকজনক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ উপৰি চোকা অস্ত্ৰৰে মৃত্যু পৰ্যন্ত ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক বৰাই। কেৱল সেয়াই নহয়, সাংবাদিকজনে ডিঙিত পিন্ধি থকা সোণৰ চেইন পৰ্যন্ত কাঢ়ি নিয়াৰ অভিযোগ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত মিলন নগৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *