...

পুনৰ ভয়াৱহ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় মহানগৰ!

Spread the love

 

পুনৰ ভয়াৱহ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় মহানগৰ!

 

উটুৱাই নিলে জে চি বি ?

 

চাইন অন ডেস্ক:

পুনৰ ভয়াৱহ কৃত্ৰিম বানৰ কৱলত পৰিল ডিব্ৰুগড় মহানগৰ। উটুৱাই নিলে জে চি বি!

পুৱতি নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত জলমগ্ন হৈ পৰিল ডিব্ৰুগড় মহানগৰ। আজি মহানগৰখনৰ ২২ টা ৱাৰ্ডতে কম বেছি পৰিমাণে জলমগ্ন হৈ পৰা পৰিলক্ষিত হয়। বহু অঞ্চলত ঘৰৰ ভিতৰত পানী সোমাই দৈনন্দিন জীৱন যাত্ৰা ব্যাহত কৰি তোলে। আনহাতে ডিব্ৰুগড়ৰ এক প্ৰধান পথ মানকটা ৰোড, বিশেষকৈ থানা চাৰিআলি উৰণীয়া সেঁতু আৰু ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভ,আমোলাপট্টী গাৰ্ড কোৱাটাৰ আদিৰ নলাবোৰ উপচি পৰাৰ ফলত আঁঠুলৈকে পানীত ডুব গৈছে। ডিব্ৰুগড় আমোলাপট্টী এম ভি স্কুলকে ধৰি কেইবাখনো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিব লগা হৈছে।

অন্যান্য গুৰুত্বপূৰ্ণ পথসমূহ যেনে এটি ৰোড, জেইল ৰোড, আৰ কেবি ৰোড, জিগ জেগ ৰোড, এইচএচ ৰোড, কেচি গগৈ ৰোড, ৰ’টাৰী ৰোড, ৰেড ক্ৰছ ৰোড, ক’ল ৰোড, ভিকেভি ৰোড, ঝালুকপাৰা ৰোড, কেপি ৰোড, পিএন ৰোড, আৰু কনভয় ৰোডতো কৃত্ৰিম বানৰ বানৰ কৱলত পৰিছে। ইফালে খলিহামাৰী, পশ্চিম মিলননগৰ, জীৱন ফুকন নগৰ, লাচিত নগৰ, আৰু চৌকিডিঙী আদি আবাসিক এলেকাবোৰ জলমগ্ন হোৱাত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে শান্তিপাৰা, খনিয়াগাঁও, গংগাপাৰা, পদুম নগৰ, লক্ষী নগৰ, গাৰ্ডপাৰা, আৰু গ্ৰাহাম বজাৰৰ দৰে অঞ্চলসমূহত ঘৰৰ ভিতৰলৈকে কৃত্ৰিম পানী সোমোৱাৰ খবৰ পোৱা গৈছে। ডিব্ৰুগড় মহানগৰৰ এটা জ্বলন্ত সমস্যা কৃত্ৰিম বানপানী সমস্যাই বছৰৰ অধিকাংশ সময় ডিব্ৰুগড় বাসীক জ্বলা কলা খোৱাই আহিছে যদিও পৌৰ নিগম বা গড়কাপ্তানী বিভাগ কোনো কৃত্ৰিম পানী সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। কোনো জনপ্ৰতিনিধিয়ে ডিব্ৰুগড় নগৰৰ জ্বলন্ত সমস্যা সমাধান নকৰাত ক্ষোভিত হৈ পৰিছে ডিব্ৰুগড় বাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *