...

দেৱী দূৰ্গাৰ বোধনেৰে ডিব্ৰুগড়ত আৰম্ভ শাৰদীয় দূৰ্গোৎসৱ

Spread the love

দেৱী দূৰ্গাৰ বোধনেৰে ডিব্ৰুগড়ত আৰম্ভ শাৰদীয় দূৰ্গোৎসৱ

*জাক-জমকতাৰ পৰিৱৰ্তে আধ্যাত্মিকতাত গুৰুত্ব

জুবিনৰ “মায়াবিনী গীত” ডিব্ৰুগড়ৰ পূজাত বাজিব

চাইন অন ডেস্ক:

শৰতৰ দলিচা গচকি ধৰাৰ বুকুলৈ আকৌ নামি আহিল দূৰ্গতিনাশিনী দেৱী দূৰ্গা। শুক্লা পঞ্চমীত দেৱী দূৰ্গাৰ বোধনেৰে ডিব্ৰুগড়তো শাৰদীয় দূৰ্গোৎসৱ আৰম্ভ হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ পূজা সমিতিসমূহে উৎসৱমুখৰ পৰিৱেশত পূজাৰ আয়োজন কৰিছিল যদিও অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত জাক-জমকতাৰ পৰিৱৰ্তে আধ্যাত্মিকতাৰ মাজেৰে পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে পূজা মণ্ডপসমূহ নিৰ্মাণত চলিছে অঘোষিত প্ৰতিযোগিতা। ডিব্ৰুগড়ৰ প্ৰতিখন পূজা মণ্ডপেই ব্যতিক্ৰমী। ইয়াৰে বিশেষকৈ ৪০ টা বসন্ত গৰকা ডিব্ৰুগড় মিত্ৰসংঘ পূজা সমিতিয়ে ৰাজমহল পেলেচৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰিছে। সেইদৰে ডিব্ৰুগড় থিয়েটাৰপাড়া মালিপট্টি পূজা সমিতিয়ে নিৰ্মাণ কৰিছে অপাৰেশ্যন সিন্দূৰৰ আৰ্হিত। দুয়োখন পূজা মণ্ডপে এইবাৰ বিশেষ গুৰুত্ব লাভ কৰাৰ আশা কৰিব পাৰিব। ইফালে মিত্ৰসংঘ পূজা সমিতিয়ে জানিবলৈ দিয়ামতে, হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ২৭ ছেপ্তেম্বৰৰ শুভাৰম্ভণি অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে আয়োজকে। কলিকতাৰ পৰা আহিবলগীয়া ঢাক দলকো বাতিল কৰিছে মিত্ৰসংঘ পূজা সমিতিয়ে। পূজাৰ মণ্ডপৰ কাষত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনাব পৰাকৈ জুবিন গাৰ্গৰ প্ৰতিছৱি ব্যৱস্থা কৰিছে। অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছে থিয়েটাৰপাড়া মালিপট্টি পূজা সমিতিয়েও। দেৱীৰ আৰাধনা পৰ্বৰ বাদ দি আন সকলোবোৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে পূজা সমিতিখনে। আনহাতে ডিব্ৰুগড়ৰ পূজা মণ্ডপসমূহত আধ্যাত্মিক গীতৰ সমানেই জুবিন গাৰ্গৰ মায়াবিনী গীত বজোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুঠৰ ওপৰত পূৰ্বৰ দৰে জাক-জমকতা নাথাকিব ডিব্ৰুগড়ৰ পূজাত। কাৰণ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান হৈছে সকলো। ৰাজ্যৰ চৌদিশে জুবিন গাৰ্গৰ ন্যায় বিচাৰি চলিছে প্ৰতিবাদ। উল্লেখ্য যে, ডিব্ৰুগড় মহানগৰত এইবাৰ প্ৰায় ১২০ খনৰো অধিক পূজা অনুষ্ঠিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *