...

ডিব্ৰুগড়ত ধৰ্তি আবা জনভাগীদাৰী অভিযান

Spread the love

ডিব্ৰুগড়ত ধৰ্তি আবা জনভাগীদাৰী অভিযান

সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

 

চাইন অন ডেস্ক:

অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই আজি ডিব্রুগড়ৰ শ্রী শ্রী আউনীআটী সখা সত্র প্রেক্ষাগৃহত চলি থকা দেশজোৰা “ধর্তি আবা জনভাগীদাৰী অভিযান” অভিযানৰ অধীনত জিলা পর্যায়ৰ সজাগতা কার্যসূচীত অংশগ্রহণ কৰে৷
জিলা প্ৰশাসন, ডিব্ৰুগড়ৰ উদ্যোগত জনজাতি পৰিক্ৰমা বিভাগ (প্লেইন)ৰ সমন্বয়ত এই অভিযানৰ লক্ষ্য হৈছে বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰি জনজাতীয় জনগোষ্ঠীসমূহৰ মাজত সজাগতা সৃষ্টি আৰু লাভৰ পৰিপূৰ্ণতা নিশ্চিত কৰা।
এই অনুষ্ঠানত জনজাতি পৰিক্ৰমা (ভৈয়াম) আৰু শিক্ষা মন্ত্ৰী ড° ৰানোজ পেগু; শক্তি, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী প্ৰশান্ত ফুকন; মন্ত্ৰী যোগেন মোহন; স্থানীয় বিধায়ক আৰু অন্যান্য গণ্যমান্য ব্যক্তি।
২০২৫ চনৰ ১৫ জুনৰ পৰা ৩০ জুনলৈ দুসপ্তাহজোৰা অভিযানৰ আৰম্ভণি কৰা এই কাৰ্যসূচীত জনজাতি পৰিক্ৰমা বিভাগৰ প্ৰধান সম্পাদক মুকেশ চন্দ্ৰ সাহু আই এ এছ আৰু ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত আই এ এছ বিক্ৰম কৈৰীয়ে তদাৰক কৰি আছে, য’ত চৰকাৰী বিষয়া, হিতাধিকাৰী, আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *