...

ডিব্ৰুগড় নিৰ্বাচনী জিলাত ‘হোম ভোটিং’ প্ৰক্ৰিয়া আৰম্ভ

Spread the love

ডিব্ৰুগড় নিৰ্বাচনী জিলাত ‘হোম ভোটিং’ প্ৰক্ৰিয়া আৰম্ভ

‘ঘৰে ঘৰে গৈ ভোট গ্ৰহণ’

চাইন অন ডেস্ক:

আগন্তুক বিধানসভা নিৰ্বাচন ২০২৬ উপলক্ষে ডিব্ৰুগড় নিৰ্বাচনী জিলাত আজিৰে পৰা ‘ঘৰে ঘৰে গৈ ভোট গ্ৰহণ’ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। নিৰ্বাচনত সকলো যোগ্য ভোটাৰৰ সৰ্বাংগীন আৰু সহজ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সুবিধা আগবঢ়োৱা হৈছে। প্ৰশাসনৰ এই পদক্ষেপে জিলাখনৰ ৬ টা বিধানসভা সমষ্টি ক্ৰমে— ৮৭-চাবুৱা-লাহোৱাল, ৮৮-ডিব্ৰুগড়, ৮৯-খোৱাং, ৯০-দুলিয়াজান, ৯১-টিংখং আৰু ৯২-নাহৰকটীয়াৰ জ্যেষ্ঠ নাগৰিক (৮৫ বছৰৰ ঊৰ্ধ্বৰ) আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক নিজ গৃহৰ পৰাই ভোটদান কৰাৰ সুবিধা প্ৰদান কৰিছে। উল্লেখ্য যে, যিসকল ভোটাৰে এই সুবিধাৰ বাবে আগতীয়াকৈ আবেদন জনাইছিল, কেৱল তেওঁলোকৰ বাবেহে এই ব্যৱস্থা উপলব্ধ কৰা হৈছে।

গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক প্ৰতিগৰাকী ভোটাৰৰ দুৱাৰমুখলৈ লৈ যোৱাৰ লগতে মুক্ত, স্বচ্ছ আৰু নিৰপেক্ষ নিৰ্বাচনৰ নীতি ৰক্ষা কৰি নিৰ্দিষ্ট ভোটগ্ৰহণকাৰী দলসমূহে সুৰক্ষিতভাৱে এই হোম ভোটিং প্ৰক্ৰিয়া পৰিচালনা কৰিছে।

জিলা প্ৰশাসনে এই সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ আৰক্ষী সুৰক্ষাৰ মাজত অত্যন্ত স্বচ্ছ আৰু নিৰাপদভাৱে সম্পন্ন কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে নিৰ্ধাৰিত ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা প্ৰশাসনৰ এই পদক্ষেপে শাৰীৰিক প্ৰত্যাহ্বান থকা আৰু ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ ঘৰৰ পৰাই সুৰক্ষিতভাৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *