...

ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত দুই যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

Spread the love

ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত দুই যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

আৰক্ষী অধীক্ষকক অভিযোগ দাখিল ড০ দয়ানন্দ বৰগোহাঁইৰ

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা ঘৰৰ পৰা উঠাই নি দুই ভাতৃক গুৰুলা-গুৰুলাকৈ প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই। ১৭ আগষ্টত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত পোহৰলৈ অহাৰ পাছতে বিশিষ্ট শিক্ষাবিদ তথা ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইয়ে।
উত্থাপিত অভিযোগ অনুসৰি বৰবৰুৱা থানালৈ বদলি হৈ অহা চেঁচা লালমাটি গাঁৱৰে এজন আৰক্ষীৰ সৈতে মাৰপিট হৈছিল ১৭ আগষ্টত। আনহাতে সেইদিনাই আৰক্ষীৰ লোকজনে লালমাটি গাঁৱৰ মাধুৰ্য বৰগোহাঁই আৰু মানসজ্যোতি বৰগোহাঁইৰ বিৰুদ্ধে লেপেটকটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। একেসময়তে আৰক্ষীৰ লোকজনৰ বিৰুদ্ধেও দুই ভাতৃয়ে এজাহাৰ দিয়ে। কিন্তু নিশা প্ৰায় ১১.৫০ বজাত লালমাটি ঘৰলৈ বৰবৰুৱা আৰক্ষী গৈ মাধুৰ্য আৰু মানসজ্যোতিক উঠাই আনি বৰবৰুৱা থানালৈ আনে। সেইদিনা নিশা ভাতৃদ্বয়ক থানাৰ ভিতৰতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাবিদ ড০ দয়ানন্দ বৰগোহাঁইয়ে। অৱশ্যে দুয়োটা পক্ষৰ মাজত বুজাবুজিৰ ভিত্তিত থানাতে এজাহাৰ প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে।
কিন্তু কি উদ্দেশ্যত আৰক্ষী বিষয়াই যুৱক দুজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে সেই কথা এতিয়াও সন্দেহাতীত। ঘটনাৰ সন্দৰ্ভত ড০ বৰগোহাঁইয়ে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক, মানৱাধিকাৰ আয়োগ আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। ইফালে এই ঘটনাত সাঙোৰ খাইছে বৰবৰুৱা আৰক্ষীৰ উপ-পৰিদৰ্শক অজয় কুটুম আৰু ভবেন সন্দিকৈৰ নাম। তদুপৰি বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুৰাজ দাসৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে।
উত্থাপিত অভিযোগ অনুসৰি মাধুৰ্য আৰু মানসক আটক কৰাৰ পূৰ্বে বৰবৰুৱা আৰক্ষীয়ে দিয়া নাছিল কোনোধৰণৰ জাননী। জাননী নিদিয়াকৈ নিশা ঘৰৰ পৰা উঠাই নি থানাৰ ভিতৰত প্ৰহাৰ কৰাটো মানৱাধিকাৰ উলংঘন কাৰ্য বুলি উল্লেখ কৰিছে। ইফালে ড০ বৰগোহাঁইয়ে উক্ত দিনা থানাৰ ভিতৰত সংঘটিত হোৱা ঘটনাৰ ভিডিঅ’ ফুটেজ বিচাৰিও আবেদন জনাইছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকক।
অন্যহাতে ড০ বৰগোহাঁইয়ে দুই নাতিয়েকৰ ওপৰত সংঘটিত কৰা ঘটনাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক অভিযোগ দিয়াৰ পাছতে আজি মাধুৰ্য আৰু মানসক বৰবৰুৱা থানাত হাজিৰ হ’বলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ তুলিছে। ইফালে জানিব পৰা অনুসৰি দুই আৰক্ষী বিষয়ালৈ শীঘ্ৰে আইনী জাননী প্ৰেৰণ কৰিবলৈকো প্ৰস্তুতি চলাইছে ড০ বৰগোহাঁইয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *