ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন
চাইন অনৰ চীফ ৰিপৰ্টাৰ জ্যোতিষ কুমাৰ পাতিৰৰ লগতে চাৰি ব্যক্তিক সম্বৰ্ধনা
*চাইন অন ডেস্ক:*
ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা লগতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য সাফল্য কঢ়িয়াই অনা ডিব্ৰুগড় সাহিত্য সভাৰ চাৰিগৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে পুৱা ডিব্ৰুগড় সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি তথা বিশিষ্ট 

ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
হৈ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰামধেনু উপ-সমিতিৰ আহ্বায়িকা বিউটী লেখাৰু শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, এগৰাকী শিক্ষয়ত্ৰী, সংবাদ কৰ্মী অৰ্পণা ফুকন দাসে ইতিমধ্যে ‘বন্যা’ আৰু ‘কাজিৰঙা কিৰিলি’ নামৰ উপন্যাস আৰু প্ৰহেলিকা নামৰ গল্প সংকলন প্ৰকাশ হোৱাৰ লগতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সাংবাদিক জ্যোতিষ পাতিৰৰ ‘ বিপন্ন অৰণ্য’ আৰু ডিব্ৰু-ছৈখোৱাৰ বুকুত দধীয়া লাইকাৰ ৰোদন” শীৰ্ষক গ্ৰন্থ ৰচনা কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 
, ‘ড’ড’চৰাইৰ আত্মকথা’ শীৰ্ষক গ্ৰন্থ ৰচনা আৰু ৰাজ্য চৰকাৰৰ কৃতী শিক্ষক বঁটাপ্ৰাপ্ত শিক্ষয়িত্ৰী, “সৃজন শৃংখল” শীৰ্ষক কবিতা পুথি ৰচনা কৰা
বিউটী লেখাৰু শইকীয়াই শিক্ষকতা লগতে সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যথেষ্ট বৰঙণি আগবঢ়াই যাবলৈ সক্ষম হৈছে। ডিব্ৰুগড় সাহিত্য সভাৰ চাৰিজন বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰি দিয়া ভাষণত সভাপতি জ্যোতি বৰগোহাঁইয়ে চাৰিগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰি ডিব্ৰুগড় সাহিত্য সভাৰ বাবে এইয়া অতি আনন্দৰ দিন বুলি উল্লেখ কৰি অনাগত দিনত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰতিজন বিষয়ববীয়াই প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি কয়। সম্বৰ্ধিত চাৰিজন বিষয়ববীয়াই নিজৰ নিজৰ অভিমত ব্যক্ত কৰি অনাগত দিনত অধিক দায়বদ্ধতাৰে কাম কৰিব বুলি কয়। একে অনুষ্ঠানতে ডিব্ৰুগড় সাহিত্য সভাৰ দ্বাৰা অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰা ৯ গৰাকী ব্যক্তিক আনুষ্ঠানিক ভাৱে আৰ্জীৱন সদস্যৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই। কাৰ্যসূচীত সদৌ অসম লেখিকা সন্থাৰ প্ৰধান সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰকাশন সচিব উদয়ন্তী হাজৰিকা দত্ত, ভাৰতী বৰুৱা দুৱৰা, বিতুমণি ফুকন, মুক্তা মণি হাজৰিকা, হিৰণ্য বৰা, দয়া প্ৰীতি গগৈ,দিনেশ দাস, ৰাহুল মণ্ডল,অনুপম মহন্ত,যানী সোনোৱাল, সন্তোষ যাদৱ, প্ৰশান্ত শইকীয়া, প্ৰণৱ ঢেকিয়াল, ৰক্তিম দাস আদিকে ধৰি ব্যক্তি, সাংবাদিক সকল উপস্থিত থাকে।
