...

ডিব্ৰুগড়তো ফটকা ফুটাই বিজয় উৎসৱ পালন

Spread the love

ডিব্ৰুগড়তো ফটকা ফুটাই বিজয় উৎসৱ পালন

চাইন অন ডেস্ক:

 

 

বিহাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ নেতৃত্বাধীন NDA এ বৃহৎ বিজয়ৰ দিশে অগ্ৰগতি লাভ কৰা পৰিপ্ৰেক্ষিতত আজি ডিব্ৰুগড়ত জিলাৰ বিজেপিৰ উদ্যোগত ফটকা ফুটাই বিজয় উৎসৱ পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰাৰ আহ্বান মৰ্মে জিলা মুখ্য কাৰ্যালয়ত সকলো স্তৰৰ দলীয় কাৰ্যকৰ্তাৰ উপস্থিতি ফটকা ফুটাই বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত উপস্থিত হৈ ডিব্ৰুগড় বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জিন্দাবাদ ধ্বনি দিয়ে। উক্ত অনুষ্ঠানত জিলাৰ সাধাৰণ সম্পাদক ভূৱন দত্ত, সম্পাদক বিপুল দাস, ভাৰতীয় জনতা পাৰ্টি, যুৱ মৰ্চাৰ অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ উপ সভাপতি বিদ্যুত গগৈ, সাধাৰণ সম্পাদক ৰূপম গগৈকে ধৰি জিলা সকলো স্তৰৰ প্ৰায় ২ শতাধিক দলীয় কাৰ্যকৰ্তাই অংশ গ্ৰহণ কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *