Skip to content ডিব্ৰুগড় জিলাত মথাউৰিৰ ক্ষয়-ক্ষতি সন্দৰ্ভত প্ৰশাসনক অৱগত কৰক
জৰুৰীকালীন কক্ষৰ ম’বাইল আৰু লেণ্ড-লাইন নম্বৰ মুকলি
চাইন অন ডেস্কঃ
বাৰিষাৰ সময়ছোৱাত মথাউৰিত হ’ব পৰা যিকোনো ধৰণৰ ক্ষয়ক্ষতি যেনেঃ মথাউৰি ছিগা তথা ফাটমেলা, মথাউৰিৰ ওপৰেৰে পানী বাগৰা তথা মথাউৰিত পানীৰ লিকেজ ইত্যাদি সম্বন্ধীয় যিকোনো খবৰ তাৎক্ষনিকভাৱে ডিব্ৰুগড় প্ৰশাসনক অৱগত কৰিবলৈ জিলা আয়ুক্ত কাৰ্যালয়ত অৱস্থিত জিলা জৰুৰীকালী নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে। ৰাইজে 9435358371 ম’বাইল নম্বৰ তথা 03732312940 আৰু 03732450100 লেণ্ড-লাইন নম্বৰত লগতে টোল ফ্ৰি নম্বৰ 1077 ত যোগাযোগ কৰি তেনে ধৰণৰ ক্ষয়-ক্ষতিৰ বিষয়ে ডিব্ৰুগড় জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক অৱগত কৰিব পাৰিব।