...

ডিব্ৰুগড়ৰ ২০০ বিচনাযুক্ত চিটি হস্পিতালৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

Spread the love

ডিব্ৰুগড়ৰ ২০০ বিচনাযুক্ত চিটি হস্পিতালৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মুঠ আৰ্থিক ব্যয় হব প্ৰায় ২০৬ কোটি টকা

সৰ্বমুঠ ১০ বিঘা ভূমিত নিৰ্মাণ হ’ব এই চিকিৎসালয়খন

মুঠ বিল্ডিং এলেকা হব ২৯,০৮৭ বৰ্গমিটাৰ

দুবছৰৰ ভিতৰতেই সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ

 

চাইন অন ডেস্ক:

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিব্রুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংযোজিত ২০০ বিছনাযুক্ত চিটি হস্পিতালৰ আধাৰশিলা স্থাপন কৰে৷নিৰ্মাণ হব লগীয়া এই B+G+6 মহলীয়া হস্পিতাল খন বিশ্ব বেংকৰ পুঁজিৰে অসম ৰাজ্যিক মাধ্যমিক স্বাস্থ্যসেৱা ইনিচিয়েটিভ ফৰ চাৰ্ভিচ ডেলিভাৰী ট্ৰেন্সফৰ্মেচন (ASSIST) প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে।য’ত মুঠ আৰ্থিক ব্যয় হব প্ৰায় ২০৬ কোটি টকা।সৰ্বমুঠ
১০ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া এই চিকিৎসালয়খনৰ মুঠ বিল্ডিং এলেকা হব ২৯,০৮৭ বৰ্গমিটাৰ আৰু অহা দুবছৰৰ ভিতৰতেই সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।সূত্ৰ অনুসৰি ২০০খন বিচনাৰ ভিতৰত ১২০খন বিচনা প্ৰসূতি বিভাগৰ বাবে আবণ্টন দিয়া হ’ব, বাকী বিচনাসমূহ মেডিচিন, চাৰ্জাৰী, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, আৰু অন্যান্য বিভাগৰ ৰোগীক যোগান ধৰিব।এই চিকিৎসালয়খনৰ লক্ষ্য হৈছে এ এম চি এইচৰ ভিৰ মুক্ত কৰা আৰু উজনি অসমৰ স্বাস্থ্যসেৱা বহু পৰিমাণে উন্নত কৰা।আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মন্ত্ৰী যোগেন মোহন, প্ৰসন্ত ফুকন, আৰু বিমল বৰাৰ লগতে কেইবাজনো বিধায়ক আৰু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *