...

ডিব্ৰুগড়ৰ জকাইত শোকাবহ মৃত্যু এটা বনৰীয়া মহ!!!

Spread the love

ডিব্ৰুগড়ৰ জকাইত শোকাবহ মৃত্যু এটা বনৰীয়া মহ!!!

বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু মুখত পৰে প্ৰকাণ্ড প্ৰাপ্তবয়স্ক বনৰীয়া মহটো

ডিব্ৰুগড় জকাই ২৬ ঘৰীয়া কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা

চাইন অন ডেস্কঃ

ডিব্ৰুগড় জকাইত শোকাবহ মৃত্যু এটা বনৰীয়া মহ!!! বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু মুখত পৰে প্ৰকাণ্ড প্ৰাপ্তবয়স্ক বনৰীয়া মহটো।ডিব্ৰুগড় জকাই ২৬ ঘৰীয়া কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।প্ৰকাণ্ড বনৰীয়া ম’হটো বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হব লগা হয় বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে।খবৰ অনুসৰি বিমান দাস নামৰ এজন লোকে নিজৰ পথাৰত অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰাৰ বাবেই এনে শোকাৱহ ঘটনা সংঘটিত হয়।

পথাৰত বনৰীয়া হাতী আৰু বনৰীয়া মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ বাবে বৈদ্যুৎতিক তাঁৰ সংস্থাপন কৰি ৰাখিছিল। ফলত জকাই সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই অহা প্ৰকাণ্ড বনৰীয়া ম’হটো বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুৰ্ভাগ্যবশতঃ মৃত্যু হয়।

ইতিমধ্যে ডিব্ৰুগড় বন বিভাগৰ লোক উপস্থিত হৈ মৃত মহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বন বিভাগে জকাই খণ্ড বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ অনাৰ লগতে মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *