কনৌজ শইকীয়ালৈ শিক্ষাবিদ অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা বঁটা
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হ’ব বঁটা
চাইন অন ডেস্ক:
জেষ্ঠ সাংবাদিক, লেখক ডিব্ৰুগড় লাহোৱালৰ কনৌজ শইকীয়ালৈ “শিক্ষাবিদ অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা বঁটা ” প্ৰদান ঘোষণা। উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে প্ৰদান কৰি অহা অশোক বৰগোহাঞি সাংবাদিকতা বঁটা’-২৫ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক বিশেষ সভাত আনুষ্ঠানিক ঘোষণা কৰা হয়।

য’ত নগদ ধন, অংগবস্ত, প্ৰশস্তি পত্ৰ, স্মাৰক আদি থাকিব।পুৱা সাংবাদিক সংগঠনটোৰ সভাপতি মনজিৎ বৰাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব লগা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অন্যান্য নিয়মীয়া কাৰ্যসূচী লগতে সাংবাদিক ন-পুৰণি সতীৰ্থ সন্মিলন, মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব।
মুকলি সভাত মন্ত্ৰী তথা ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন মুখ্য অতিথি হিচাপে উপস্থিত থকা লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল,ND- 24 পৰিচালন সঞ্চালক তথা বিশিষ্ট সমাজ কৰ্মী কিশোৰ বৰা, বিধায়ক বিনোদ হাজৰিকা,পোনাকন বৰুৱা আৰু চক্ৰধৰ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈয়ে উদ্বোধন কৰিব লগা মুকলি সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা° সৈকত পাত্ৰ,উপ-মেয়ৰ উজ্বল ফুকন, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া,চিটি অৱ অধ্যক্ষ ড° সঞ্জীৱ আনন্দ বৰগোহাঁই,অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° সঞ্জীৱ কাকতি,আৰু কে জুনিয়ৰ কলেজৰ অধ্যক্ষ বিকাশ গগৈ,অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডা• নিৰ্মল কুমাৰ চাহেৱালা, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱাল,মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়া, ডিব্ৰুগড় উন্নয়ন প্ৰাধীকৰণ অধ্যক্ষ অসীম হাজৰিকা, বিশিষ্ট সমাজকৰ্মী,ব্যৱসায়ী,লেখক কুশল কোঁৱৰ, সমাজকৰ্মী পুলিন চন্দ্ৰ গগৈ,অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে প্ৰমুখ্যে কৰি ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক, বৰবৰুৱা প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক,খোৱাং প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
অনুষ্ঠানত বিশিষ্ট অনাতাঁৰ শিল্পী ভূৱন গগৈ, লোকবাদ্য সাধক জিতেন দাস আৰু নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ সহ কেইবাগৰাকীও শিল্পী জৰিয়তে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন হব। ১৪ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সকলোৱে উপস্থিতি তথা সহযোগীতা কামনা কৰিছে সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।
