পাকিস্তানক সমৰ্থন?
সামাজিক মাধ্যমত পোষ্ট দি ৰঙা ঘৰৰ আলহী ধুবুৰীৰ যুৱক
চাইন অন ডেস্ক:
সামাজিক মাধ্যম ইনষ্টাগ্ৰামত পাকিস্তানক সমৰ্থন জনাই পোষ্ট দি পুনৰ গ্ৰেপ্তাৰ হ’ল কৰি ধুবুৰীৰ আন এজন যুৱক। ধৃত যুৱকজন ধুবুৰীৰ চহৰৰ পাৰ্শ্বৱৰ্তী ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বালাডবা গাঁওৰ ৰাশিদুল হক প্ৰধানী। জানিব পৰা মতে, যোৱাকালি ধুবুৰী আৰক্ষীয়ে দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰি পধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৰাশিদুলক। বিষয়টো লৈ ধুবুৰী সদৰ থানাত আৰক্ষীয়েৱ ৩০৫/২৫ নম্বৰত বিএনএছৰ ১১৩(৩) অধীনত এটা গোচৰ ৰুজু কৰা বুলি প্ৰকাশ।