...

ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত লতামেকুৰী বাঘৰ মৃত্যু

Spread the love

 

 

ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত লতামেকুৰী বাঘৰ মৃত্যু

 

 

ধুবুৰী:

যোৱা নিশা ধুবুৰী জিলাৰ পানবাৰী সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন এখনৰ খুন্দাত এটা লতামেকুৰী Leopard Cat -Prionailurus bengalensis) বাঘৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমান্তৰ সন্মুখেৰ তথা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লাগি থকা পূৰ্বৰ সেনা শিৱিৰ সন্মুখত কালি নিশা সংঘটিত হয় এই ঘটনা।

সন্দেহ কৰা অনুসৰি, লতামেকুৰী বাঘটোৱে সমীপৱৰ্তী মহামায়া বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি ৰাজপথ পাৰ হ’বলৈ লওঁতে সংঘটিত হয় সেই কৰুণ ঘটনাৰ।

উল্লেখ্য যে, লিপাৰ্ড বিশ্বভৰি “Endangered” বুলি ঘোষিত নহয় যদিও, আইইউচিএনৰ ৰেড লিষ্টত “Vulnerable” ৰূপে অন্তৰ্ভুক্ত।তদুপৰি, ভাৰতত লিপাৰ্ডক “বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২”-ৰ তলত “তালিকা–১”ত অন্তৰ্ভুক্ত কৰি বাঘ আৰু সিংহৰ দৰে সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *