...

দেৱশ্ৰী শইকীয়া অসম ন্যায়িক পৰীক্ষাত শীৰ্ষত

Spread the love

দেৱশ্ৰী শইকীয়া অসম ন্যায়িক পৰীক্ষাত শীৰ্ষত

অতিৰিক্ত অধিবেশন ন্যায়াধীশ ৰূপে নিযুক্তি

 

চাইন অন ডেস্ক:

অসম ন্যায়িক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল দেৱশ্ৰী শইকীয়াৰ।অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে নিযুক্তি।
নগাঁৱৰ প্ৰাক্তন ন্যায়িক বিষয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰয়াত ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়াৰ কন্যা দেৱশ্ৰী শইকীয়াই সদ্য ঘোষিত অসম ন্যায়িক সেৱাৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে শইকীয়াক।
নগাঁৱৰ ডিমৰুগুৰিৰ বাসিন্দা আৰু বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা দেৱাশ্ৰীয়ে বিগত সাত বছৰ ধৰি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।তাইৰ এই যাত্ৰাত ধাৰাবাহিক শৈক্ষিক উৎকৰ্ষতাই চিহ্নিত কৰিছে।
উল্লেখযোগ্য যে দেৱশ্ৰীয়ে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত দশম স্থান লাভ কৰে।পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা অধ্যয়নতে স্বৰ্ণ পদক লাভ কৰি এগৰাকী বিশিষ্ট পণ্ডিত হিচাপে নিজকেই প্ৰতিষ্ঠা লাভ কৰে।
এজেএছ পৰীক্ষাত তেওঁৰ এই অসাধাৰণ কৃতিত্বই ব্যাপক প্ৰশংসা লাভ কৰিছে।নগাঁৱত থকা তেওঁৰ পৰিয়াল আৰু সমগ্ৰ ৰাজ্যৰ শুভাকাংক্ষীসকলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *